ইণ্ডোগ্লোৱেল ছ’ছিয়েল চাৰ্ভিচ ছছাইটিৰ উদ্দোগত বন্ধুত্বপূর্ণ ক্রিকেট খেল অনুষ্ঠিত

WhatsApp Image 2022 04 10 at 7.13.51 PM 1

আজি কোকৰাঝাৰ জিলাৰ টিলাপাৰা এল পি স্কুলৰ খেলপথাৰত ইণ্ডোগ্লোৱেল ছছিয়েল চাৰ্ভিচ ছছাইটিৰ উদ্দোগত বন্ধুত্বপূর্ণ ক্রিকেট খেল অনুষ্ঠিত হয়। উক্ত খেলখনত সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদ,সদৌ কোচৰাজবংশী ছাত্ৰ সন্থা,সদৌ অসম নাথযোগী ছাত্ৰ সন্থা,সদৌ অসম আদিবাসী ছাত্ৰ সন্থা,অখিল ভাৰতীয় হিন্দী ভাষী বিকাশ পৰিষদ,জলহা যুৱ ছাত্ৰ পৰিষদ,বিটিআৰ সুত্ৰধৰ যুৱ ছাত্ৰ সন্থাকে ধৰি মুঠ সাতটা দল অংশগ্ৰহণ কৰে।

ADVERTISEMENT

উক্ত খেলখনত মূখ্য অতিথি হিচাপে উপস্থিত থাকি খেলৰ আৰম্ভনি আৰু পূৰষ্কাৰ বিতৰণ কৰে কে এ চিৰ অধ্যক্ষ হিতেশ্বৰ বৰ্মনে। উক্ত খেলখনত উপস্থিত থাকে ইণ্ডোগ্লোৱেল ছ’ছিয়েল চাৰ্ভিচ ছছাইটিৰ অংকিতা হালদাৰ আৰু অজিত মণ্ডল।

ফাইনেল খেলত অখিল ভাৰতীয় হিন্দী ভাষী বিকাশ পৰিষদে প্ৰথম পূৰষ্কাৰ লাভ কৰে আৰু সদৌ অসম গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে দ্বিতীয় স্থান লাভ কৰে।

Exit mobile version