উপত্যকাত বৃহৎ সাফল্য যৌথবাহিনীৰ ,শ্ৰীনগৰৰ মুখামুখি সংঘৰ্ষত নিহত দুই উগ্ৰপন্থী

pro

শ্ৰীনগৰত আৰক্ষীৰ স’তে সংঘৰ্ষত নিহত দুই সন্ত্ৰাসবাদী ।যোৱা সোমবাৰে, এজন চিআৰপিএফ জোৱান নিহত হয়। কাশ্মীৰ আৰক্ষীয়ে জনোৱা অনুসৰি, আজি নিহত এজন উগ্ৰপন্থী এই হত্যাকাণ্ডত জড়িত আছিল।

উগ্ৰপন্থীদুজনৰ পৰা বৃহৎ সংখ্যক অস্ত্ৰ আৰু অন্যান্য সামগ্ৰী উদ্ধাৰ কৰা হয়। কাশ্মীৰ আৰক্ষীৰ মহাপৰিদৰ্শক বিজয় কুমাৰে জনাইছে যে নিহত দুজন উগ্ৰপন্থী পাকিস্তানী আছিল। অৱশ্যে, তেওঁলোকৰ পৰিচয় এতিয়াও জনা হোৱা নাই।

কাশ্মীৰ আৰক্ষী আৰু চিআৰপিএফে যুটীয়াভাৱে বিদ্ৰোহ-বিৰোধী প্ৰক্ৰিয়া চলাইছিল। বেহেম্বৰ নগৰ অঞ্চলত লুকাই আছিল উগ্ৰপন্থী লুকাই থকাৰ খবৰ পাইছিল আৰক্ষীয়ে । এই তথ্যৰ আধাৰত যুটীয়া বাহিনীয়ে অঞ্চলটো ঘেৰি ধৰি তালাচী চলাই।

সেই সময়ত, লুকাই থকা দুয়োজন উগ্ৰপন্থীয়ে যুটীয়া বাহিনীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। যুটীয়া বাহিনীৰ গুলীচালনাত প্ৰথম জন উগ্ৰপন্থী নিহত হয়। প্ৰায় দুই ঘণ্টাৰ পাছত, দ্বিতীয় জন উগ্ৰপন্থী নিহত হয়।

প্ৰসংগত যোৱা চাৰি এপ্ৰিলত উগ্ৰপন্থীয়ে এজন চিআৰপিএফ জোৱানক হত্যা কৰে। আহত হৈছিল আন এজন চিআৰপিএফ জোৱান।

ঘটনাটো সংঘটিত হৈছিল মাইচুমা অঞ্চলত । আৰক্ষী সূত্ৰই জনোৱা অনুসৰি, চিআৰপিএফৰ জোৱান দুজনৰ ওপৰত পোনপটীয়াকৈ বন্দুকৰ গুলীচালনা কৰা হৈছিল।

কিছুদিন ধৰি উত্তপ্ত হৈ আছে কাশ্মীৰ । তথ্য অনুসৰি যোৱা এমাহত তিনিজন পাকিস্তানী উগ্ৰপন্থীক নিহত হৈছে ।যোৱা ১১ মাৰ্চত এজন পাকিস্তানী উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰে কাশ্মীৰ আৰক্ষীয়ে । নিৰাপত্তা বিশেষজ্ঞসকলৰ মতে,ৰাজধানী শ্ৰীনগৰত আক্ৰমণ কৰাৰ পৰিকল্পনা কৰিছিল ।

Exit mobile version