বিহু পৰ্যটনৰ বিকাশৰ লক্ষ্যৰে পর্যটন বিভাগৰ উদ্যোগত টিংখঙত ৰঙালী উৎসৱ ২২

পাঁচ হেজাৰ ঢুলীয়া-নাচনীয়ে একেলগে পৰিবেশন কৰিব অনুষ্ঠানত

WhatsApp Image 2022 04 10 at 2.38.50 PM

বিহুক লৈ যাতে ৰঙালী বিহুৰ সাত দিনত বিহু পৰ্যটনৰ এক ধাৰণা গঢ় দিব পৰা যায় এই উদ্দেশ্য আগত ৰাখিয়েই ডিব্ৰুগড় জিলাৰ টিংখঙত দুদিনীয়াকৈ ১১ আৰু ১২ এপ্ৰিলত “ৰঙালী উৎসৱ ২২” নামেৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্দ্যোগত এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে । ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, শক্তি, পৰ্যটন আৰু সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াই আজি দিছপুৰত অনুষ্ঠিত এক সংবাদ মেলত এই কথা অৱগত কৰে ৷

টিংখং উচ্চতৰ মাধ্যমিক বিদ্যালয় খেল পথাৰত অনুষ্ঠিতব্য এই ৰঙালী উৎসৱত ১১ এপ্ৰিলত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱাই প্ৰদৰ্শনীৰ বিপণী আনুষ্ঠানিকভাৱে উন্মোচন কৰিব বুলি উল্লেখ কৰি মন্ত্রী বৰাই এই অনুষ্ঠানত অসমৰ সত্ৰীয়া পৰম্পৰাৰ এক বৈভৱ মুখা শিল্প আৰু চিত্র কলাৰ কৰ্মশালা, থলুৱা খেল-ধেমালি, বিহু বিষয়ক কুইজ প্ৰতিযোগিতাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ তৰফৰ পৰা লোক আৰু সত্ৰীয়া পৰম্পৰাৰ নৃত্য পৰিবেশন কৰিব বুলিও জানিবলৈ দিয়ে ।

অনুষ্ঠানৰ দ্বিতীয় দিনা ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহি টিংখঙত অনুষ্ঠিত বিহু কৰ্মশালাত অংশগ্রহণ কৰা পাঁচ হেজাৰ বিভিন্ন বয়সৰ ঢুলীয়া-নাচনীয়ে বিহু নাচ পৰিবেশন কৰিব । এই অনুষ্ঠানত কেন্দ্রীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ দপ্তৰৰ ৰাজ্য মন্ত্রী ৰামেশ্বৰ তেলী আৰু অসম চৰকাৰৰ মন্ত্রী বিমল বৰা উপস্থিত থাকিব ।

সিদিনাৰ সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গ, অংগৰাগ মহন্ত, প্ৰিয়ংকা ভড়ালী, নিল আকাশ, সীমান্ত শেখৰ আদি শিল্পীৰ সংগীতানুষ্ঠানৰ লগতে বৰপেটাৰ আটচ বাজি প্ৰদৰ্শন কৰা হ’ব বুলিও মন্ত্রীগৰাকীয়ে সংবাদ মেলত জনায় ।

Exit mobile version