দিনটোৰ ৰাশিফল

16487121247936

মেষঃ এই ৰাশি জাতক-জাতিকাৰ স্বাস্থ্য বৰ ভাল দেখা নাযায় । চাকৰিয়ালৰ মধ্যম । বিদ্যাত কষ্ট কৰিলে বিদ্যাৰ্থীসকলে ভাল ফল পাব । শুভ ৰং আকাশী নীলা । শুভ সংখ্যা ২ ।

বৃষঃ সমাজ কল্যাণমূলক সামাজিক কৰ্মত সুনাম বৃদ্ধি । বিদ্যাত ভাল ক’ব পৰা যায় । শুভ ৰং বগা। শুভ সংখ্যা ৭ ।

মিথুনঃ আপোনাৰ পাৰিবাৰিক দায়িত্ব বৃদ্ধি। নিবনুৱাৰ সংস্থাপনৰ যোগ বিদ্যমান। প্ৰেমত শুভ । শুভ ৰং গোলপীয়া । শুভ সংখ্যা ১ ।

কৰ্কটঃ ৰাজনীতিবিদসকলৰ কাৰণে দিনটো সংকটপূৰ্ণ । চাকৰিয়ালৰ গতানুগতিক । ধন লেনদেনত সতৰ্ক থকা ভাল হ’ব । শুভ ৰং ৰঙা । শুভ সংখ্যা ২ ।

সিংহঃ মাতৃৰ অসুস্থতাৰ কাৰণে দিনটো বৰ ভাল নাযাব । বিদ্যাৰ্থীসকলৰ বাবে ভাল । ব্যৱসায়ীসকলে নতুন কামত হাত দিব পাৰিব । শুভ ৰং ক’লা । শুভ সংখ্যা ৭ ।

কন্যাঃ দিনটোত কোনো সংবাদে মন প্ৰফুল্ল কৰিব । প্ৰেমত মানসিক দ্বন্দ্ব থাকিব । নিবনুৱাৰ কৰ্মসংস্থাপন যোগ । শুভ ৰং বগা । শুভ সংখ্যা ৮ ।

তুলাঃ ব্যৱসায়ত কঠিন প্ৰতিযোগিতা সন্মানী হ’ব আৰু এই ক্ষেত্ৰত আনক বিশ্বাস নকৰি নিজৰ বুদ্ধি ‌আৰু কৌশল প্ৰয়োগ কৰক । শুভ ৰং হালধীয়া । শুভ সংখ্যা ৫ ।

বৃশ্চিকঃ সাৱধানে কৰ্মাদিত মন দিয়ক । ব্যৱসায়ত ভাল । প্ৰেমত শুভ । সন্তানৰ প্ৰতি চকু ৰাখক । শুভ ৰং নীলা । শুভ সংখ্যা ২ ।

ধনুঃ ধৰ্মীয় বিশ্বাস অটুট থাকিব । ঠিকাদাৰি ব্যৱসায়ত ভাল নহ’ব । বিদ্যাৰ্থীসকলৰ বাবে দিনটো শুভ । শুভ ৰং গেৰুৱা । শুভ সংখ্যা ৭ ।

মকৰঃ বিদেশ ভ্ৰমণ শুভ দেখা যায় । চাকৰিয়ালৰ মধ্যম । বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপাব। আইনৰ সমস্যাৰ সমাধান হ’ব । শুভ ৰং সেউজীয়া। শুভ সংখ্যা ১ ।

কুম্ভঃ আপোনাৰ কন্যা সন্তানৰ বিবাহৰ যোগ । আৰ্থিকত ভাল যদিও শত্ৰু পৰা ক্ষতি হোৱা সম্ভাৱনা । প্ৰেমত মধ্যম । শুভ ৰং বগা। শুভ সংখ্যা ৮ ।

মীনঃ বিদ্যাত বাধাৰ মাজেৰে অগ্ৰগতি লাভ । দাম্পত্য ভাল । কবি সাহিত্যিকসকলৰ জনপ্ৰিয়তা বৃদ্ধি পাব । টকা-প‌ইচা, লেনদেনত সাৱধান। বিদ্যাৰ্থীসকলৰ ভাল । প্ৰেমত মধ্যম । শুভ ৰং হালধীয়া । শুভ সংখ্যা ২ ।

Exit mobile version