Amit Shah‌ : হিন্দী পাঠদানক লৈ সৰৱ উত্তৰ-পূৱ

উত্তৰ-পূৱৰ বিদ্যালয়সমূহতো দশম শ্রেণী পর্যন্ত হিন্দী বাধ্যতামূলক কৰাৰ কথা কৈছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে । ঘোষণাৰ বিৰুদ্ধে গৰজি উঠিছে উত্তৰ-পূৱৰ বিভিন্ন দল-সংগঠন ।

উত্তৰ-পূৱ ছাত্র সংগঠন নেছোৰ প্ৰধান ছেমুৱেল বি জিৰৱাই কয়, “আমি এই পদক্ষেপৰ তীব্র প্রতিবাদ জনাইছো । হিন্দী ঐচ্ছিক বিষয় । তাক বাধ্যতামূলক কৰা নহ’ব । ছাত্র সংগঠনে উত্তৰ-পূৱৰ সকলো চৰকাৰকে হিন্দী বাধ্যতামূলক নকৰাৰ দাবী জনাব ।”

সংসদীয় চৰকাৰী ভাষা কমিটীৰ প্ৰধান হিচাপে শ্বাহে কয়, ‘‘উত্তৰ-পূৱৰ আঠটা ৰাজ্যত মুঠ ২২ হেজাৰ হিন্দী শিক্ষক নিয়োগ কৰা হৈছে আৰু সকলো ৰাজ্যতেই দশম শ্রেণী পর্যন্ত হিন্দী বাধ্যতামূলক কৰিবলৈ প্ৰস্তুত হৈছে । উত্তৰ-পূৱৰ ন টা জনজাতিয়ে তেওঁলোকৰ ভাষা লিখাৰ ক্ষেত্রত দেৱনাগৰী হৰফ গ্রহণ কৰিছে ।’’

মেঘালয়ৰ কংগ্রেছ বিধায়ক আমপাৰিন লিংডোৱে কয়, “ভাষা জাপি দিয়াৰ কেন্দ্রীয় ফতোৱা মানি লোৱা নহ’ব । এই নির্দেশ স্থগিত কৰিবৰ বাবে ৰাজ্যৰ বিভিন্ন উপায় আছে । মেঘালয় ষষ্ঠ অনুসূচিত ৰাজ্য । তাত কেন্দ্র‌ই একো জাপি দিব নোৱাৰি । মেঘালয়ত হিন্দী বাধ্যতামূলক হ’লে খাচী আৰু গাৰো ভাষা স্কুলত স্থান নাপাব । সেয়ে আমাৰ মাতৃভাষা আৰু সংকটত পৰিব ।” কৃষক মুক্তি সংগ্রাম সমিতিয়েও জনায়, শ্বাহৰ ঘোষণা অগণতান্ত্রিক, অসাংবিধানিক আৰু গণতন্ত্র বিৰোধী ।

Exit mobile version