Booster Dose : আজিৰ পৰাই ১৮ বছৰৰ ঊর্ধ্বৰসকলক দিয়া হৈছে বুষ্টাৰ ড’জ, কি কি নিয়ম আছে ?

Booster Shots

স্বাস্থ্যকর্মী আৰু ৬০ বছৰৰ ঊর্ধ্বৰসকলৰ পাছত এইবাৰ প্রাপ্তবয়স্কসকলক বুষ্টাৰ ড’জ দিয়াৰ সিদ্ধান্ত লৈছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে । চৰকাৰী হাস্পাতালত বা স্বাস্থ্যকেন্দ্রত উপলব্ধ নহ’ব এই টিকা । দেওবাৰৰ পৰা ১৮ বছৰৰ ঊৰ্ধ্বৰসকলক বুষ্টাৰ ড’জ দিয়া হৈছে কেৱল বেচৰকাৰী হাস্পাতাল বা টিকাকৰণ কেন্দ্রত ।

প্রথম আৰু দ্বিতীয় ড’জৰ সময়ত যি টিকা লৈছিল, সেই টিকাৰেই বুষ্টাৰ ড’জ দিয়া হ’ব । অর্থাৎ কোনোৱে যদি ক’ভিশ্বিল্ডৰ প্রথম আৰু দ্বিতীয় ড’জ লৈছে, তেনেহ’লে তেওঁ ছেৰাম ইনষ্টিউট অৱ ইণ্ডিয়াৰ (এছআইআই) কৰ’না টিকা লাভ কৰিব ।

শুকুৰবাৰে কেন্দ্রৰ তৰফৰ পৰা জনোৱা হৈছে, এইবাৰ ১৮ বছৰ হ’লেই পাব কৰ’না ভাইৰাছ টিকাৰ বুষ্টাৰ ড’জ । সম্প্ৰতি কেৱল বেচৰকাৰী হাস্পাতাল বা বেচৰকাৰী কেন্দ্রত প্রাপ্তবয়স্কসকলক কৰ’না টিকাৰ বুষ্টাৰ ড’জ দিয়া হ’ব । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণাল‌য়ৰ তৰফৰ পৰা জনোৱা হৈছে, অহা ১০ এপ্রিলৰ (দেওবাৰ) পৰা আৰম্ভ হ’ব সকলো প্রাপ্তবয়স্কক বুষ্টাৰ ড’জ প্রদানৰ কাৰ্যসূচী ।

কোনে এই টিকা পাব ?

যিসকলে কৰ’না টিকাৰ দুটা ড’জ লৈছে আৰু দ্বিতীয় ড’জ লোৱাৰ পাছত ন মাহ পাৰ হৈছে, তেওঁলোকে ‘প্রিকছন ড’জ’ বা বুষ্টাৰ ড’জ ল’ব পাৰিব ।

কিমান টকা হ’ব ? ছার্ভিচ চার্জৰ বাবদ বেচৰকাৰী টিকা কেন্দ্রবোৰে সর্বাধিক ১৫০ টকা ল’ব পাৰিব । অর্থাৎ টিকাৰ প্রতিটো ড’জৰ যি দাম, তাতকৈ সর্বাধিক ১৫০ টকা বেছি ল’ব পাৰিব বেচৰকাৰী টিকা কেন্দ্রবোৰে ।

প্রসংগত, ১৮ বছৰৰ পৰা ৫৯ বছৰ পর্যন্ত টিকা গ্রহণকাৰীসকলৰ বেচৰকাৰী কেন্দ্রৰ পৰা টিকা প্রদান কৰা হ’ব । ইয়াকে লৈ সকলো ৰাজ্য আৰু কেন্দ্রশাসিত অঞ্চলৰ স্বাস্থ্যসচিব আৰু মুখ্য সচিবসকলৰ স’তে বৈঠকত মিলিত হয় কেন্দ্রীয় স্বাস্থ্যসচিব ৰাজেশ ভূষণে । সেই বৈঠকৰ পাছত বুষ্টাৰ ড’জ প্রদানক লৈ একাধিক নিয়ম উত্থাপিত হৈছে ।

Exit mobile version