Russia-Ukraine War : দখল কৰিব পৰা নাই কিয়েভ, নতুন আর্মি জেনেৰেল নিয়োগ পুটিনৰ

putin 1649570567

প্ৰায় ডেৰ মাহ পাৰ হৈছে ৰাছিয়া-ইউক্রেইন যুদ্ধ । জেলেনস্কিৰ দেশৰ একাধিক স্থান দখল কৰিছে ৰুছ সেনাই । আক্ৰমণ কম হোৱা নাই ইউক্রেইন ৰাজধানীত । তৎসত্ত্বেও ৰাছিয়াই নিজৰ অধীনত আনিব পৰা নাই কিয়েভক । দেওবাৰে ব্যর্থ হৈ সেয়ে এইবাৰ কমাণ্ডাৰ পৰিৱর্তন কৰিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে । নতুন আর্মি জেনেৰেল হ’ল আলেকজাণ্ডাৰ দর্নিকভ । ৰাছিয়াৰ দক্ষিণাঞ্চলৰ দায়িত্বত থকা এই সেনা অফিচাৰৰ ওপৰত আছে কিয়েভ দখলৰ দায়িত্ব ।

বিভিন্ন আন্তর্জাতিক সংবাদমাধ্যম সূত্রে খবৰ, অহা ন মে’ত ৰাছিয়াৰ ‘বিজয় দিৱস’-ৰ আগতে পুটিনৰ লক্ষ্য, ইউক্রেইনৰ বেছ কিছু স্থান জয় কৰা । যাৰ ভিতৰত অন্যতম ইউক্রেইনৰ ৰাজধানী কিয়েভ । দ্বিতীয় বিশ্বযুদ্ধত ছোভিয়েত ইউনিয়নৰ জয় হিচাপে আঠ মে’ত ‘বিজয় দিৱস’ উদ্‌যাপন কৰে ৰাছিয়াই ।

২০২২ত সেই দিনকে স্মৰণীয় কৰি ৰাখিবলৈ আৰু এক যুদ্ধ জয়ৰ লক্ষ্য লৈছে ৰাছিয়াই । ব্রিটেইনৰ চোৰাংচোৱা সংস্থাই দাবী কৰিছে, ইউক্রেইন উত্তৰাংশৰ পৰা হঠাৎ সেনাৰ সংখ্যা কমাইছে ৰাছিয়াই । আনহাতে, ইউক্রেইনৰ বায়ুসেনাৰ দাবী, শনিবাৰে ৰাছিয়াৰ ১৩টা যুদ্ধবিমান ধ্বংস কৰিছে তেওঁলোকে ।

Exit mobile version