UGC : দুদিনত তিনিটা চৰকাৰী একাউন্ট ‘হেক’ ! এইবাৰ আক্ৰমণ ইউজিচি-ৰ টুইটাৰ হেণ্ডেলত

1649571243 hacked

উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ অফিচিয়েল টুইটাৰ হেণ্ডেল, ইণ্ডিয়ান মেটেৰিঅ’লজিকেল ডিপার্টমেন্ট বা আইএমডি-ৰ পাছত তৃতীয় চৰকাৰী টুইটাৰ হেণ্ডেলত আক্ৰমণ হেকাৰৰ । এইবাৰ ‘হেক’ হ’ল বিশ্ববিদ্যালয় মঞ্জুৰী কমিছন বা ইউজিচি-ৰ টুইটাৰ একাউন্ট ।

দেওবাৰে হঠাৎ সলনি হয় বিশ্ববিদ্যালয় মঞ্জুৰী কমিছনৰ অফিচিয়েল টুইটাৰ হেণ্ডেলৰ প্রোফাইল ছবি । কার্টুনৰ ছবি যোগ হয় । তাৰ পাছত বিভিন্ন ধৰণৰ টুইট কৰা হয় সেই হেণ্ডেলৰ পৰা । ব্লু টিক দিয়া ‘ইউজিচি ইণ্ডিয়া’-ৰ টুইটাৰ একাউন্টৰ প্রায় তিনি লাখ ফল’ৱাৰ্চ আছে । বিশ্ববিদ্যালয় মঞ্জুৰী কমিছনৰ ৱেবছাইটৰ স’তে লিং‌ক আছে টুইটাৰ একাউন্টটোৰ । সেইটোৱে ‘হেক’ হোৱাত উদ্বিগ্ন হৈছে প্রশাসন ।

ইয়াৰ আগতে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রীৰ টুইটাৰ হেণ্ডেল হেক কৰি তিনশৰো অধিক টুইট কৰা হয় । ইয়াৰ উপৰি মুখ্যমন্ত্রীৰ ছবি আঁতৰ কৰি গৰু, বান্দৰৰ ছবি প্র’ফাইলত দিয়া হয় । তাৰ পাছত আইএমডি-ৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত হেকাৰৰ আক্ৰমণ হৈছে । সমগ্ৰ কাণ্ডৰ তদন্ত আৰম্ভ হৈছে ।

Exit mobile version