দিনটোৰ ৰাশিফল

Image 2 1648736769902 1648998755410

মেষঃ পৰিৱেশ অনুকূল থাকিব । ঘৰত কোনো প্ৰিয়জনৰ আগমন ঘটিব পাৰে । নতুন কোনো কামত সফল হ’ব পাৰিব । বিশেষ কিবা পৰিৱৰ্তনৰ আশা নকৰাই ভাল হ’ব । আৰ্থিক উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব । ব্যৱসায়ত উন্নতি । প্ৰেমত অশুভ ফল ।

বৃষঃ সাংসাৰিক দিশত মানসিক আঘাত পাব পাৰে । ক্ৰোধ নিয়ন্ত্ৰণত ৰখাৰ চেষ্টা কৰক । দুপৰীয়াৰ পাছত আৰ্থিক ক্ষেত্ৰত ভাল ফল কৰিব পাৰিব । কৰ্মত সাফল্যৰ যোগ । ব্যৱসায়-বাণিজ্যত মধ্যম ফলদায়ক ।

মিথুনঃ শুভবধুৰ প্ৰভাৱত আয় উন্নতিৰ বাবে দিনটো শুভ ফলদায়ক হ’ব । কৰ্মক্ষেত্ৰত সাফল্য আহিব । দিনটোত নতুন কোনো পৰিকল্পনা গ্ৰহণ কৰিব পাৰে । দাম্পত্য আৰু প্ৰেমত শুভ ।

কৰ্কটঃ মনৰ অৱস্থা ভালেৰে যাব । একাধিক সুযোগ সুবিধা বেয়া হ’ব পাৰে । বিভিন্ন কাৰণত দিনটোত আৰ্থিক ব্যয়ৰ পৰিমাণ বৃদ্ধি পব । পাৰিবাৰিক দিশত কিবা বিষয় লৈ কোনোবাৰ লগত মতান্তৰ দেখা দিব পাৰে । ভ্ৰমণৰ যোগ, প্ৰেমত শুভ ।

সিংহঃ পাৰিবাৰিক দিশত অশুভ পত্নীৰ কাৰণে চিন্তা । অশুভ ৰাহুৰ কাৰণে আয় উন্নতিৰ ক্ষেত্ৰত বাধা থাকিব । ব্যৱসায়-বাণিজ্যত অৱশ্যে সিমান বেয়া নহ’ব । প্ৰেমত দাম্পত্যক পাৰিবাৰিক বিষয় লৈ কাজিয়া পেচালৰ সম্ভাৱনা দেখা যায় ।‌ বিদ্যাৰ্থী মধ্যম ফল ।

কন্যাঃ পৰিশ্ৰমৰ অনুপাতে দিনটোত আয় উন্নতি কম হ’ব । শত্ৰু পক্ষৰ বিৰোধিতাৰ সন্মুখীন হ’ব পাৰে । শাৰীৰিক দিশত অৱশ্যে শান্তি বজায় থাকিব । কৰ্মক্ষেত্ৰত সহকৰ্মীৰ সহযোগিতা পাব । ব্যৱসায়-বাণিজ্যৰ বাবে দিনটো মধ্যম । ফলদায়ক হ’ব । প্ৰেমত দম্পতিৰ শুভ ।

তুলাঃ বিশেষ কোনো গুণৰ সন্মান প্ৰাপ্তিৰ যোগ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভফল দায়ক হ’ব । আৰ্থিক ক্ষেত্ৰত দিনটো শুভ ফলদায়ক হ’ব । যদিও মানসিক অশান্তি থাকিব । কৰ্মক্ষেত্ৰত সৰু-সুৰা সমস্যা আছে ।

বৃশ্চিকঃ শনি অশুভ হোৱা বাবে সংৰোজ অত্যধিক বৃদ্ধি পাব । অনাবশ্যক কাৰণত ব্যয় বৃদ্ধিৰ যোগ । কিবা কাৰণত টকা-প‌ইচা ঋণ কৰিবলগা হ’ব পাৰে । অৱশ্যে দিনটোত মনৰ আশা পূৰণৰ যোগ দেখা যায় ।

ধনুঃ শাৰীৰিক দিশত আত্মাত প্ৰাপ্তিৰ যোগ । গতিকে চলা-ফুৰাত সতৰ্ক থাকিব । কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব যদিও সেই অনুপাতে আৰ্থিক উন্নতিত বাধা থাকিব । কৰ্মৰ ক্ষেত্ৰত উৎসাহ বৃদ্ধি পাব । প্ৰেম আৰু দাম্পত্যত শান্তি বজাই থাকিব । ব্যৱসায়ত উন্নতি । বিদ্যাৰ্থীৰ মধ্যম ফল ।

মকৰঃ কৰ্মক্ষেত্ৰত খ্যাতি আৰু সুনাম বৃদ্ধিৰ যোগ । কিছু ক্ষেত্ৰত ন্যায্য প্ৰাপ্তিৰ পৰা জড়িত হ’ব পাৰে । পাৰিবাৰিক ক্ষেত্ৰত মধ্যম ফলদায়ক হ’ব ।

কুম্ভঃ কৰ্মক্ষেত্ৰত দায়িত্ব বৃদ্ধি পাব । আৰ্থিক উন্নতিৰ বাবে কৰা চেষ্টাত সাফল্য আহিব । আৰ্থিক ক্ষেত্ৰত দিনটো শুভ ফলদায়ক হ’ব যদিও দৈনন্দিন খৰচৰ পৰিমাণ বৃদ্ধি পাব । পিতৃ বা মাতৃৰ শৰীৰৰ কাৰণে চিন্তা থাকিব ।

মীনঃ মীন ৰাশিৰ বাবে দিনটো শুভ বুলি ক’ব পাৰি । আবেলি ভাগত কিছু জামালা দেখা দিব পাৰে । বৃহস্পতিৰ শুভ প্ৰভাৱত নিবনুৱা জাতক-জাতিকাৰ কৰ্মপ্ৰাপ্তিৰ যোগ ব্যৱসায়-বাণিজ্যত শুভ ফলদায়ক হ’ব ।

Exit mobile version