দিনটোৰ ৰাশিফল

16487121247936

মেষঃ মঙলৰ শুভ প্ৰভাৱত ধন আৰু ভূসম্পত্তি লাভৰ যোগ দেখা যায় । দিনটোত কিবা কাৰণত মানসিক দুখ পাব পাৰে । প্ৰেম প্ৰণয়নত সাফল্য আহিব । দিনটোত শাৰীৰিক দুৰ্বলতা দেখা দিব পাৰে । আৰ্থিক ক্ষেত্ৰত মধ্যম । ফলদায়ক হ’ব ।

বৃষঃ পাৰিবাৰিক সুখ আৰু সমৃদ্ধি বজাই থাকিব । কিবা কাৰণত অৰ্থ ক্ষতিৰ সম্ভাৱনা দেখা যায় । সম্পদ প্ৰাপ্তিৰ যোগ আছে । পুত্ৰ-কন্যাৰ উন্নতিৰ যোগ । শাৰীৰিক কষ্ট ভোগ কৰিব পাৰিব । বিদ্যাৰ্থীৰ মধ্যম ফলদায়ক ।

মিথুনঃ বুধৰ শুভ প্ৰভাৱত কৰ্মত সুখ্যাতি লাভৰ যোগ । হিংস্ৰ জীৱ-জন্তুৰ পৰা সতৰ্কতা অৱলম্বন কৰিব । সামাজিক ক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ । অযথা অৰ্থ ব্যয় হ’ব পাৰে । ব্যৱসায়ত মধ্যম ফল আশা কৰিব পাৰে । বিদ্যাৰ্থী শুভ ।

কৰ্কটঃ পিতৃ-মাতৃৰ কাৰণে চিন্তা থাকিব । কোনোবাই মিছা অপবাদ উঠাব পাৰে । যানবাহন লাভৰ যোগ দেখা যায় । দিনটোত কিবা কাৰণত হতাশাত ভুগিব পাৰে । শুভ খবৰ প্ৰাপ্তিৰ ফলত মন আনন্দিত হ’ব ।

সিংহঃ অশুভ ৰাহুৰ কাৰণে ন্যায্য ধন প্ৰাপ্তিৰ ক্ষেত্ৰত বাধা থাকিব । চুৰৰ পৰা সাৱধান থাকিব । ভাতৃৰ পৰা ক্ষতিগ্ৰস্ত হ’ব পাৰে । আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ আছে যদিও ৰাহুৰ বাধা থাকিব । বিদ্যাৰ্থীৰ মানসিক বৃদ্ধি পাব ।

কন্যাঃ বুধৰ প্ৰভাৱত ব্যৱসায়-বাণিজ্য আৰু আৰ্থিক ক্ষেত্ৰত কিছু হ’লেও পৰিৱৰ্তন আহিব । ঘৰত প্ৰিয়জনৰ আগমনৰ ফলত মানসিক আনন্দ লাভ । কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ । চাকৰিয়ালসকলে কৰ্তব্য পালনত থাকিব ।

তুলাঃ সান্তনা দিব কাৰণে পিতৃ-মাতৃৰ চিন্তা থাকিব । দিনটো বিশেষ শুভ বুলি ক’ব নোৱাৰি । গতিকে সাৱধানে চলাফুৰা কৰিব । পাৰিবাৰিক ক্ষেত্ৰত শুভ ফলদায়ক হ’ব । উচ্চ বিদ্যালয়ৰ উদ্দেশ্যত বাহিৰত যোৱাৰ যোগ ।

বৃশ্চিকঃ অযথা কোনোবাৰ লগত বিবাদত জড়িত হ’ব পাৰে । অযথা শনিৰ প্ৰভাৱত বিদ্যাৰ্থীৰ বুদ্ধি পাশৰ যোগ । কৰ্মক্ষেত্ৰত পদপ্ৰাপ্তিৰ যোগ আছে যদিও প্ৰত্যাশিতভাৱে বাধা পৰিব পাৰে । আৰ্থিক ক্ষেত্ৰত মধ্যম।

ধনুঃ বুধৰ শুভ প্ৰভাৱত কৰ্মক্ষেত্ৰত পদোন্নতিৰ যোগ । পাৰিবাৰিক ক্ষেত্ৰত খেলিমেলি হ’ব পাৰে । মনৰ কোনো আশা পূৰণ হ’ব পাৰে । বন্ধুৰ লগত মতবিৰোধ দেখা দিব পাৰে । শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব ।

মকৰঃ শনিৰ অশুভ প্ৰভাৱৰ ফলত আৰ্থিক সংকটত পৰিব পাৰে, ব্যৱসায়ত ক্ষতিৰ সম্ভাৱনা । আত্মীয়স্বজনৰ লগত বিবাদ দেখা দিব পাৰে । পেট সংক্ৰান্ত কিবা সমস্যা দেখা দিব পাৰে । বিদ্যাৰ্থীৰ শুভ ফলদায়ক হ’ব পাৰে ।

কুম্ভঃ পাৰিবাৰিক ক্ষেত্ৰত শুভ ফলদায়ক হ’ব । ভ্ৰমণত সমস্যা দেখা দিব পাৰে । গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰিব পাৰে । আৰ্থিক সংকটত ভুগিব পাৰে । ব্যৱসায়-বাণিজ্যত ভবা মতে ফল পাব । বিদ্যাৰ্থীৰ মধ্যম ফলদায়ক ।

মীনঃ কৰ্মক্ষেত্ৰত সন্মান বৃদ্ধিৰ যোগ । পাৰিবাৰিক বিবাদৰ ফলত মনৰ গতি ভাল নাযাব । ভ্ৰমণত শাৰীৰিক সমস্যা দেখা দিব পাৰে । আন উন্নতিৰ বাবে দিনটো মধ্যম ফলদায়ক হ’ব । প্ৰেম প্ৰীতিৰ ক্ষেত্ৰত সমস্যা থাকিব ।

Exit mobile version