‘ৰণলিয়া’ৰ বিবাহত ড্র’ণসহ মুম্বাইৰ শ্ৰেষ্ঠ নিৰাপত্তা

445b513d 2308 433e b4d7 6281e548b962

সকলাে জল্পনা-কল্পনাৰ অন্ত পেলাই ৰঙালী বিহুৰ মাজতে জীৱনটো ৰঙালী কৰিবলৈ সাজু হৈছে বলিউদৰ তাৰকাদ্বয় ৰণবীৰ কপুৰ আৰু আলিয়া ভাট।

দীর্ঘদিনৰ প্ৰেমৰ অন্তত ‘ৰণলিয়া’ নামেৰে জনপ্ৰিয় হৈ উঠা তাৰকা যুটিটোৱে বিহুৰ সময়তে বিবাহ পাশত আবদ্ধ হ’ব। অৱশ্যে এই বিষয়ত সম্পূর্ণ নীৰৱতা অৱলম্বন কৰিছে কপুৰ আৰু ভাট পৰিয়ালে।

শুনা গৈছে যে ‘ৰণলিয়া’ৰ বিবাহ মণ্ডত থাকিব ‘মুম্বাইৰ শ্ৰেষ্ঠ’ নিৰাপত্তা বাহিনীৰ সুৰক্ষা। নিৰাপত্তাত ফাক উলিয়াই মাখি এটায়াে প্রৱেশ কৰিব নােৱাৰিব। আৰ কে ষ্টুডিঅ’ৰ পৰা ৰণবীৰৰ বাসগৃহ ‘বাস্তু’ পর্যন্ত সষ্টম হৈ থাকিব নিৰাপত্তা ৰক্ষা।

যাৰ মাজত থাকিব দুশজন বাউন্সাৰ। এই কথা জনাইছে আলিয়াৰ ভ্ৰাতৃ ৰাহুল ভাটে। তেওঁ নিজেই নিৰাপত্তা ব্যৱস্থা চোৱা-চিতা কৰিব। ৰাহুলে কয় যে ড্র’ণৰ জৰিয়তে আকাশৰ পৰাও দৃষ্টি ৰখা হ’ব। ভগ্নীৰ বিয়াত কোনাে ধৰণৰ অবাঞ্ছিত ঘটনা কাম্য নহয় বুলি সদৰী কৰি ৰাহুলে কয় যে নিৰাপত্তা ৰক্ষীয়ে অতিথিসকলৰ বিবাহ মণ্ডপলৈ আগুৱাই নিব। ইয়াৰ বাবে নম্র-বিনয়ী তথা ইংৰাজী ক’ব পৰা উচ্চ প্রশিক্ষিত নিৰাপত্তাৰক্ষীয়েহে অগ্রাধিকাৰ পাব বুলিও তেওঁ জনাইছে।

Exit mobile version