Fun Fact : পাঁচখন দেশ :নাই নিজস্ব কোনো বিমানবন্দৰ

1649841113 air

বিমান সেৱা অবিহনে আধুনিক পৃথিৱীখন প্ৰায় অস্তিত্বহীন।বিশেষকৈ দূৰৱৰ্তী গন্তব্যস্থানত উপনীত হোৱা পৰিবহনৰ দ্ৰুততম মাধ্যম হ’ল বিমান । কিন্তু আপুনি জানেনে নে পৃথিৱীত এতিয়াও কিছুমান দেশ আছে য’ত আজিও কোনো বিমানবন্দৰ নাই? তেনে পাঁচখন দেশ কি চাও আহক ।

(১) চান মাৰিনো: চান মাৰিনো হৈছে বিশ্বৰ পঞ্চমতম সৰু দেশ। ইয়ালৈ যোৱাৰ আটাইতকৈ সহজ উপায় হৈছে ইটালীৰ মাজেৰে। ইটালীৰ ফেডেৰিকো ফেলিনি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ চান মাৰিণ’ৰ পৰা মাত্ৰ ২১ কিলোমিটাৰ দূৰত। গতিকে এই বিমানবন্দৰৰ পৰা, আপুনি এঘণ্টাৰ ভিতৰত ৰাস্তাৰে চান মাৰিনো পাব পাৰে।

(২) ভেটিকান চিটি: বহুলোকে জানে যে পোপৰ ঘৰ ভেটিকান চিটি হৈছে পৃথিৱীৰ আটাইতকৈ সৰু দেশ। অৱশ্যে, ভেটিকান চিটিৰ নিজা বিমানবন্দৰ নাই বুলি বহুতে অজ্ঞাত। ভেটিকান চিটি ৰোমৰ ভিতৰত অৱস্থিত। গতিকে ইয়ালৈ যোৱাৰ আটাইতকৈ সহজ উপায় হৈছে ৰোমৰ লিওনাৰ্ডো দা ভিঞ্চি-ফ্লুমিচিনো বিমানবন্দৰত অৱতৰণ কৰা। এই বিমানবন্দৰৰ পৰা ভেটিকানলৈ দূৰত্ব ৰাস্তাৰে ৩০ কিলোমিটাৰ।

(৩) মোনাকো: মোনাকো হৈছে বিশ্বৰ দ্বিতীয় আটাইতকৈ সৰু দেশ। ফ্ৰান্সৰ তিনিফালে সীমা আছে। নিকটতম বিমানবন্দৰটো হৈছে ফ্ৰান্সৰ নিচত কোট দা গিউ। ৰাস্তা আৰু জলপথৰে তালৈ যাব পাৰে ।

(৪) লিকটনষ্টাইন: লিকটনষ্টাইন ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু পৰ্যটনৰ বাবে জনাজাত। অৱশ্যে, এই সৰু দেশখনৰ নিজা বিমানবন্দৰ নাই। নিকটতম বিমানবন্দৰটো হৈছে চুবুৰীয়া দেশ চুইজাৰলেণ্ডৰ ছেইণ্ট গেলেন আলটানৰাইন বিমানবন্দৰ। তাৰ পৰা, জলপথ বা ৰাস্তাৰে লিকটনষ্টাইনলৈ যাব পাৰে। এটা ৰেলপথো আছে।

(৫) এণ্ডোৰা: এই দেশখন স্পেইন আৰু ফ্ৰান্সৰ সীমাত অৱস্থিত। বহুতো পৰ্যটক প্ৰতি বছৰে ট্ৰেকিং আৰু হাইকিংৰ বাবে ইয়ালৈ আহে। এণ্ডোৰাৰ ৰাজধানী ভেলা হৈছে ইউৰোপৰ সৰ্বোচ্চ ৰাজধানী। এণ্ডোৰাৰ নিজা বিমানবন্দৰ নাই, কিন্তু স্পেইন আৰু ফ্ৰান্সত পাঁচটা বিমানবন্দৰ আছে, যি তিনি ঘণ্টাৰ ব্যৱধানত আছে।

Exit mobile version