Andhra Pradesh Fire Accident : অন্ধ্রপ্রদেশত ঔষধৰ কাৰখানাত ভয়ংকৰ অগ্নিকাণ্ড, গেছ লিক হৈ মৃত ছয়, আহত ১২

images

বৃহস্পতিবাৰে মাজ নিশা অন্ধ্রপ্রদেশত এটা ঔষধৰ কাৰখানাত ভয়াৱহ অগ্নি সংযোগ হৈ ছজনৰ মৃত্যু হয় । আহত ১২ জন । প্রাথমিক তদন্তত সন্দেহ কৰা হৈছে গেছ লিক হৈ এই দুর্ঘটনা ঘটিছে ।

অন্ধ্রৰ পশ্চিম গোদাবৰী জিলাৰ আক্কিৰেড্ডি গুডামত এই ঔষধৰ কাৰখানাৰ চাৰি নম্বৰ ইউনিটত জুই লগাৰ সময়ত কাৰখানাত ১৮ জন শ্রমিক কর্মৰত আছিল । দ্রুত অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়া হয় । প্রায় দুঘণ্টাৰ চেষ্টাত জুই নিয়ন্ত্রণত আহে ।

আৰক্ষীয়ে জনাইছে, মৃত ছজনৰ ভিতৰত চাৰিজন বিহাৰৰ প্ৰব্ৰজনকাৰী শ্রমিক । মৃতসকল হৈছে উদুৰুপতি কৃষ্ণাইয়া, বি কিৰণ কুমাৰ, কাৰু ৰবি দাস, মনোজ কুমাৰ, সুবাস ৰবি দাস আৰু হাবদাস ৰবি দাস ।

মুখ্যমন্ত্রী জগনমোহন ৰেড্ডিয়ে এই ঘটনায় শোক প্রকাশ কৰিছে । তেওঁ মৃতসকলৰ পৰিয়ালৰ সদস্যসকলৰ বাবে ২৫ লাখ টকা ক্ষতিপূৰণ ঘোষণা কৰিছে । গুৰুতৰভাৱে আহতসকলৰ বাবে পাঁচ লাখ টকা আৰু কম আহতসকলৰ বাবে দুই লাখ টকা ক্ষতিপূৰণ ঘোষণা কৰা হৈছে । আহতসকলৰ চিকিৎসাৰ ওপৰত লক্ষ্য ৰাখিবৰ বাবে তেওঁ বিষয়াসকলক নির্দেশ দিছে । ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

Exit mobile version