আজি কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁও মহকুমাৰ ডাংগাইমাৰী গাঁৱত আইভাণ্ডাৰী পূজাৰ লগতে মেলা অনুষ্ঠিত হয় । উক্ত পূজা আৰু মেলাত অসম তথা পশ্চিমবংগৰ অগনন ভক্তপ্ৰাণ ৰাইজে আহি ভিৰ কৰা পৰিলক্ষিত হয় ।
উক্ত পূজাখন চ’ত মাহৰ সংক্ৰান্তিত অনুষ্ঠিত কৰা হয় বুলি জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই । যোৱা দুবছৰৰ পৰা পূজাখন অনুষ্টুপীয়াকৈ পালন কৰি অহা হৈছে যদিও এইবেলি উলহ মালহেৰে উক্ত পূজাভাগ অনুষ্ঠিত কৰিছে বুলি জানিবলৈ দিয়ে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই ।
লগতে মন্দিৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই কয় যে বিপিএফ চৰকাৰৰ ফালৰ পৰা মন্দিৰৰ উন্নতিৰ কাৰণে কিছু আৰ্থিক অনুদান লাভ কৰিছিল যদিও বৰ্তমানৰ চৰকাৰখনৰ পৰা কোনোধৰণৰ অনুদান লাভ কৰিবলৈ সক্ষম হোৱা নাই ।