Russia : হৃদৰোগত আক্রান্ত ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রী, অৱস্থা সংকটজনক : প্ৰতিবেদন

images 3

হৃদৰোগত আক্রান্ত ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রী ছের্গেই শোইগুৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এই বিশেষ ঘনিষ্ঠ মন্ত্রীৰ শাৰীৰিক অৱস্থা উদ্বেগজনক । তেওঁক হাস্পাতালৰ আইচিইউ-ত ৰখা হৈছে ।

 

পুটিনৰ স’তে যথেষ্ট ভাল সম্পর্ক শোইগুৰ । কিন্তু শেহতীয়াকৈ তেওঁলোকৰ সম্পর্কত ফাট মেলা দেখা গৈছিল বুলি দাবী একাধিক সংবাদমাধ্যমৰ প্ৰতিবেদনত । আন্তর্জাতিক সংবাদমাধ্যম সূত্রে খবৰ, বিগত কে’বা সপ্তাহ ধৰি ৰুছ প্রতিৰক্ষা মন্ত্রীক প্রকাশ্যে দেখা নাযায় । তাৰ মাজতে ইউক্রেইন আক্রমণৰ পাছত ৰাছিয়াৰ ২০ জন আর্মি জেনেৰেলক গ্রেপ্তাৰ কৰা হৈছে ।

 

আমেৰিকাৰ চোৰাংচোৱা বাহিনীৰ দাবী, ৰাছিয়াৰ ইউক্রেইন আক্রমণৰ বহুকেইটা অভিযান ব্যর্থ হৈছে । কিয়েভক কোনো প্ৰকাৰেই অধীনত আনিব পৰা নাই ৰুছ সেনাই । একাধিক আন্তর্জাতিক সংবাদমাধ্যমৰ দাবী, বহুকেইটা বিষয়ত পুটিন আৰু শোইগুৰৰ মতপার্থক্য প্রকাশ্যত আহিছিল । তাৰ মাজতেই জানিব পৰা গ’ল, গুৰুতৰ অসুস্থ হৈ পৰিছে ৬৬ বছৰ বয়সীয়া প্রতিৰক্ষা মন্ত্রী ।

 

যোৱা ২৪ ফেব্রুৱাৰীত ৰাছিয়াই ইউক্রেইন আক্রমণৰ মাত্র দুদিন আগতে পুটিনৰ এটা ভিডিঅ’ বার্তা সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল । তাত পুটিনে ৰুছ চোৰাংচোৱা প্রধানক ডোনেৎস্ক আৰু লুহানস্কক স্বাধীন হিচাপে স্বীকৃতিৰ বিষয়ত স্পষ্ট অৱস্থান জনাবলৈ কৈছিল । পুটিনে সেনাপ্রধান আৰু চোৰাংচোৱা প্রধান, সকলোৱে তেওঁৰ সিদ্ধান্তক সমর্থন কৰি বিবৃতি দিয়াটো বিচাৰিছিল । কিন্তু ইয়াৰ কিছুদিন পাছতেই ভাইৰেল হোৱা আন এটা ছবিত দেখা যায় এটা বৈঠকৰ সময়ত ৰাষ্ট্ৰপতি পুটিন আৰু প্রতিৰক্ষামন্ত্রী শোইগু ইজনে সিজনৰ পৰা দূৰে দূৰে বহি আছে । সাধাৰণভাৱেই ইয়াক লৈ সমালোচনা আৰম্ভ হয় ।

 

কূটনৈতিক বিষয়াসকলৰ একাংশ‌ৰ মতে, ইউক্রেইনৰ বিষয়ত ৰাছিয়াৰ অভ্যন্তৰীণ বৃত্তত কোনো অস্পষ্টতা নিবিচাৰে পুটিনে । কিন্তু ৰুছ প্রতিৰক্ষা মন্ত্রীক ইউক্রেইন আক্রমণ সন্দৰ্ভত তেনে কোনো মন্তব্য কৰা শোনিবলৈ পোৱা নাই ।

 

২০১২ত ৰাছিয়াৰ প্রতিৰক্ষা মন্ত্রীৰ দায়িত্ব ভাৰ লয় শোইগুৱে । তাৰ আগতে প্রায় এক দশক ৰুছ সেনাক নেতৃত্ব দিছিল তেওঁ । আনকি ২০১৪ত ৰাছিয়াৰ ক্রিমিয়া দখলৰ সময়ত তেৱেঁই নেতৃত্বত আছিল ।

Exit mobile version