কৰ’না আক্ৰান্তসকলৰ বাবে এৰিব লাগিব ঘৰ ! কিন্তু কত ?

IMG 20220416 130055

বিশ্বজুৰি এতিয়াও শেষ হোৱা নাই ক’ভিডৰ আতংক । কেইবছৰমান আগতে, যেতিয়া কৰ’না মহামাৰীৰ ফলত সমগ্ৰ বিশ্ব বিধ্বস্ত হৈছিল,সেই সময়তে চীনে সংক্ৰমণটো দ্ৰুততাৰে নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছিল।

কিন্তু এইবাৰ পৰিস্থিতি যেন ক্ৰমে হাতৰ পৰা ওলাই গৈছে । এখনৰ পাছত আনখন চহৰত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। বিশেষকৈ, ছাংহাই চহৰৰ পৰিস্থিতি শোচনীয় হৈ পৰিছে।

সংক্ৰমিত সকলক আইচুলেচনত ৰাখিবলৈ পৰ্যাপ্ত স্থানৰ অভাৱ হৈছে। প্ৰশাসনে এতিয়া পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চহৰখনৰ বাসিন্দাসকলৰ বাবে ঘৰ বিচাৰিছে । আৰু ইয়াত ক্ষুব্ধ বাসিন্দাসকলৰ।

ৰয়টাৰৰ সূত্ৰ অনুসৰি, প্ৰশাসনে ছাংহাই চহৰত ক’ভিড কেন্দ্ৰ নিৰ্মাণ কৰি আছে। এক নিৰ্দেশনা জাৰি কৰি, স্থানীয় প্ৰশাসনে জনাই যে কৰ’না ৰোগীসকলক এককভাৱে ৰাখিবলৈ আৱাসীসকলে তেওঁলোকৰ ঘৰ এৰিব লাগিব।

নিৰ্দেশনা পোৱাৰ পাছৰে পৰা ছাংহাইটসকল ক্ষুব্ধ হৈ আছে। তেওঁলোকে প্ৰতিবাদ কৰিবলৈ ৰাজপথলৈ ওলাই আহিছে। নগৰবাসীসকলেও আৰক্ষীৰ স’তে খণ্ডযুদ্ধ কৰিছে । বৃহস্পতিবাৰে চীনা মেচেজিং এপ উইচেটত লাইভ ষ্ট্ৰীম কৰা এটা ভিডিঅ’ৰ চাৰিওফালে ভাইৰেল হৈ পৰিছে ।

ভিডিঅ’টোত দেখা গৈছে যে কমেও ৩০ জন আৰক্ষীয়ে পিপিই কিট পিন্ধি এটা ঘৰৰ বাসিন্দাৰ স’তে সংঘাত কৰি আছে। এজন ব্যক্তি গ্ৰেপ্তাৰ কৰি লৈ গৈছে।

বৰ্তমান অতি কঠিন পৰিস্থিতিত আছে চীন । বৰ্ধিত সংক্ৰমণ নিয়ন্ত্ৰণ কৰিবলৈ আগ্ৰহী হৈ, ছাংহাইৰ দৰে চহৰত এক কঠোৰ তলাবন্ধ আৰোপ কৰা হৈছে। ফলস্বৰূপে, গোটেই চহৰখন সম্পূৰ্ণগৃহবন্দী হৈ আছে।

বাহিৰলৈ যাবলৈ কোনো অনুমতি নাই। ফলস্বৰূপে, খাদ্য, পানী আৰু অন্যান্য প্ৰয়োজনীয় সঁজুলিৰ অভাৱৰ বাবে, ৰাজহুৱা জীৱন ক্ষতিগ্ৰস্ত হৈছে। পৰিস্থিতি ইমান ভয়ংকৰ, বহুতো লোকক বহুতো ঘৰৰ খিৰিকীত থিয় হৈ চিঞৰি থকা দেখা গৈছে। কেইদিনমান আগতে ভাইৰেল হোৱা ভিডিঅ’টো নেটিজেনসকলৰ বাবে আচৰিত।

Exit mobile version