দিনটোৰ ৰাশিফল

16487121247936

মেষঃ এই ৰাশিৰ জাতক-জাতিকাই অযথা খৰচ-পাতিৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক । ব্যৱসায়-বাণিজ্যত গভীৰ মনোনিবেশ নকৰিলে ক্ষতিৰ সম্ভাৱনা ‌।

বৃষঃ দৈনিক কাম-কাজত ব্যস্ততা বৃদ্ধি পালেও বিশেষ ভাল ফল পাব বুলি ক’ব পাৰি । বিদ্যাৰ্থীসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব । আজি দিনটো অনামিকা আঙুলিত এটা তামৰ আঙঠি পিন্ধিব ।

মিথুনঃ আৰ্থিক উন্নতিৰ সুযোগ আহিব, ব্যৱসায়ত উন্নতি অব্যাহত থাকিব । চাকৰিয়ালৰ বিভিন্ন ফালৰ পৰা সুযোগ আহিব ।

কৰ্কটঃ আৰ্থিক ক্ষেত্ৰত ভাল ফল নাপাব । ব্যৱসায়ত কিছু কিছু সমস্যাই মনলৈ অশান্তি আনিব পাৰে, টকা-প‌ইচা আহিলেও সঞ্চয় নহ’ব ।

সিংহঃ দিনটোত মাজে-সময়ে আপুনি মানসিকভাৱে উত্তেজিত হৈ থাকিব । দীঘলীয়া সময় ধৰি চলি অহা সমস্যাবোৰৰ সমাধান হ’ব পাৰে ।

কন্যাঃ বিদ্যাৰ্থীৰ মধ্যম । আজি গাধোৱাৰ পাছত দুটা তুলসী পাতত বগা চন্দন লগাই পাতকেইটা ঘহি ল’ব । যাত্ৰা শুভ । প্ৰেমত মধ্যম ।

তুলাঃ জাতক-জাতিকাসকলে শৰীৰক লৈ সাধনা থাকিব ‌। কোনো পুৰণি সমস্যা নতুনকৈ দেখা দিব পাৰে, বিদ্যাৰ্থীসকলৰ পঢ়া-শুনাৰ প্ৰতি অমনোযোগ দেখা দিব ।

বৃশ্চিকঃ ব্যৱসায়ীসকলৰ বাবে দিনটো শুভ নহয় । কৰ্মক্ষেত্ৰত সমস্যা থাকিলেও বাধাৰ মাজেৰে অগ্ৰগতি লাভ কৰিব । দাম্পত্যত শান্তি থাকিলেও স্বামী-স্ত্ৰীৰ স্বাস্থ্যক লৈ চিন্তা থাকিব ।

ধনুঃ যান-বাহনৰ পৰা সাৱধান থাকিব । কৰ্মক্ষেত্ৰত বাধা । সন্তানৰ প্ৰতি নজৰ ৰাখিব । বিদ্যাৰ্থীসকলৰ চিন্তা থাকিব ।

মকৰঃ শৰীৰক সমস্যাত ভুগিব পাৰে । আৰ্থিক উপাৰ্জনত সমস্যা থাকিলেও শেষৰ ফালে উন্নতি অব্যাহত থাকিব । বিজ্ঞান বিভাগীয় উচ্চ বিদ্যাৰ্থীৰ বাবে কষ্ট কৰিব লাগিব ।

কুম্ভঃ বিদ্যাৰ্থীৰ সাফল্যৰ হোৱা থাকিলেও বন্ধু-বান্ধৱীৰ পৰা সতৰ্ক থাকিব । ব্যৱসায়ত ভাল । চাকৰিৰ ক্ষেত্ৰত বাধা ।

মীনঃ শৰীৰ বৰ ভাল দেখা নাযায় । দিনটোত কামত ব্যস্ততা দেখা দিব । প্ৰেমত ভাল । যান-বাহনৰ পৰা সাৱধান ।

Exit mobile version