ফুটকিবাৰীত আগন্তুক বিষুৱা উৎসৱক লৈ ব্যাপক প্ৰস্তুতি, লাইখুটা স্থাপন

WhatsApp Image 2022 04 17 at 8.35.51 PM

কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত আৰু ফুটকীবাৰী আঞ্চলিক বিষুৱা উৎসৱ উদযাপন সমিতিৰ সহযোগত অহা ১০ আৰু ১১ বহাগ অৰ্থাৎ ২৪ আৰু ২৫ এপ্ৰিল তাৰিখে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ধুবুৰী জিলাৰ উত্তৰ ফুটকীবাৰী এম.ই. স্কুল প্ৰাংগণত বিষুৱা উৎসৱ উদযাপন কৰা হৈছে ।

ADVERTISEMENT

আজি উক্ত বিষুৱা উৎসৱৰ পতাকা উত্তোলন কৰে অভ্যাৰ্থনা সমিতিৰ সভাপতি প্ৰসেনজীৎ ৰায়ে, লাইখুটা স্থাপন কৰে কেএচিৰ অধক্ষ্য হিতেশ্বৰ বৰ্মনে লগতে কাৰ্য্যালয় মুকলি কৰে কেএচিৰ ই এম সুধীৰ চন্দ্ৰ ৰায়ে । লগতে বিষুৱা উৎসৱৰ স’তে সংগতি ৰাখি আজি হাফ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ অনুষ্ঠিত কৰা হয় ।

উক্ত হাফ মাৰাথান দৌৰ প্ৰতিযোগিতাৰ উন্মোচন কৰে বিলাসীপাৰাৰ মহকুমাধিপতি জয় শিৱানীয়ে লগতে আৰ্চাৰী মুকলি কৰে কেএচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ ই এম জীবেশ ৰায়ে । উক্ত অনুষ্ঠানত উপস্থিত থাকে স্থানীয় গাঁও পঞ্চায়তৰ সভানেত্ৰী মীৰা ৰায়, প্ৰবক্তা সুৰজিত চৌধুৰী, সমাজ কৰ্মী গিৰেণ ৰায়, জ্যেষ্ঠ নাগৰিক সমাজ, বিশিষ্ট ব্যক্তিসকলৰ লগতে স্থানীয় ৰাইজসকলে ।

Exit mobile version