China : কৰ’না পৰিস্থিতিত দুর্বল হৈছে অর্থনীতি, ৰাষ্ট্ৰীয় সংকটৰ দিশে আগবাঢ়িছে নেকি চীন ?

shanghai covid lockdown hpMain 20220413

ৰাষ্ট্ৰপতি শ্বি শ্বিনপিঙৰ ‘ক’ভিড জিৰ’ নীতিৰ ব্যর্থতা প্রমাণ হৈছে ইতিমধ্যে । সমগ্ৰ বিশ্ব‌ই কৰ’নাৰ দুঃস্বপ্ন পাহৰি লাহে লাহে স্বাভাৱিক হ’বলৈ ল‌ওঁতেই, বাণিজ্যিক ৰাজধানী চাংহাইসহ চীনৰ একাধিক চহৰ তলাবন্ধৰ কৱলত । এনে পৰিস্থিতিত দেশখনৰ আর্থিক অগ্রগতি গুৰুতৰভাৱে ব্যাহত হ’ব পাৰে বুলি অনুমান বিভিন্ন আন্তর্জাতিক বেংক আৰু আর্থিক প্রতিষ্ঠানৰ ।

নোমুৰা বেংক আৰু আমেৰিকাৰ এটা সংবাদসংস্থাৰ যৌথ সমীক্ষা অনুযায়ী, সম্প্ৰতি চীনৰ ৪৪খন চহৰত সম্পূর্ণ বা আংশিক তলাবন্ধ অব্যাহত আছে । সংক্রমণৰ হাৰ কমাৰো কোনো ইংগিত নাই । এনে পৰিস্থিতি অব্যাহত থাকিলে দেশখনত ‘ৰাষ্ট্ৰীয় সংকট’ হ’ব পাৰে বুলি ইংগিত দিয়া হৈছে এই সমীক্ষাত । ঘৰুৱা সমস্যাৰ পৰা দেশবাসীৰ দৃষ্টি আঁতৰ কৰাৰ উদ্দেশ্যেই টাইৱানক লৈ চীনা ফৌজৰ সাম্প্রতিক তৎপৰতা বুলি ধাৰণা কূটনীতি বিশেষজ্ঞৰ একাংশৰ ।

চীনৰ বাণিজ্যিক ৰাজধানী চাংহাইত প্রায় তিনি কোটি লোকৰ বসবাস । তাত কৰ’না সংক্রমণ বৃদ্ধি পোৱাৰ বাবে ২৮ মার্চৰ পৰা তলাবন্ধ ঘোষণা কৰিছে চৰকাৰে । ফলত বাসিন্দাসকল গৃহবন্দী । বাসিন্দাসকলৰ ওপৰত দৃষ্টি ৰাখিবৰ বাবে ড্র’ন কেমেৰাও ব্যৱহাৰ কৰিছে আৰক্ষী, প্রশাসনে । কিন্তু খাদ্য, পানী আৰু অন্যান্য প্রয়োজনীয় দ্রব্যৰ সংকট হৈছে । অনাহাৰে আছে প্রচুৰ জনসাধাৰণ । যদিও এদলীয় চীনৰ কমিউনিষ্ট পার্টি পৰিচালিত চৰকাৰৰ দাবী, বাসিন্দাসকলৰ সমস্যা প্রায় সমাধান কৰা হৈছে ।

যদিও ক’ভিডত আক্রান্তসকলৰ নিভৃতবাসৰ বাবে চহৰখনত পর্যাপ্ত ঠাইৰো অভাৱ দেখা দিছে । পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ দেওবাৰে চহৰবাসীসকলৰ ঘৰ বিচাৰিছে স্থানীয় প্রশাসনে । এক নির্দেশনা জাৰি কৰি জনোৱা হৈছে, ক’ভিড ৰোগীসকলৰ নিভৃতবাসৰ বাবে ঘৰ এৰিব লাগিব বাসিন্দাসকলে । এই নির্দেশনা পোৱাৰ পাছত পুনৰ ক্ষোভৰ সৃষ্টি হৈছে চাংহাইত ।

যদিও চাংহাই চহৰৰ বিভিন্ন অঞ্চলত ঘৰবন্দী অৱস্থাতেই বাসিন্দাসকলে বিক্ষোভ প্ৰদৰ্শন কৰিছে বুলি কে’বাটাও আম্তর্জাতিক সংবাদমাধ্যমত প্রকাশিত খবৰত দাবী কৰা হৈছে । সেই বিক্ষোভৰ ভিডিঅ’ ফুটেজো সামাজিক মাধ্যমত দেখা গৈছে । চাংহাইৰ বাসিন্দাসকলৰ একাংশৰ দাবী, কঠোৰ তলাবন্ধ তুলি টিকাকৰণত জোৰ দিয়ক চৰকাৰে । শ্বিনফিং চৰকাৰে সেই দেশত প্ৰস্তুত যি টিকা বহুল পৰিমাণে ব্যৱহাৰ কৰিছে, তাৰ ক্ষমতা আন্তর্জাতিকভাৱে স্বীকৃত অন্যান্য টিকাতকৈ কম বুলি সম্প্রতি আমেৰিকাৰ এটা গৱেষণা সংস্থাই দাবী কৰিছে ।

Exit mobile version