বংশৰক্ষাৰ দায়িত্ব লৈ চেক গণৰাজ্যৰ পৰা অসমলৈ আহিল চাৰিটা দেওহাঁহ

৪৫ দিনৰ আছুতীয়াকৰণত অসম ৰাজ্যিক চিৰিয়াখানাত ৰখা হৈছে দেওহাঁহকেইটা

be3bfbeceba2955b11a0f32f5b99f2b0

চাৰিটা মইনা চৰাইৰ বিনিময়ত সুদূৰ চেক গণৰাজ্যৰ পৰা বংশ ৰক্ষাৰ দায়িত্ব লৈ গুৱাহাটীৰ ৰাজ্যিক চিৰিয়াখানালৈ আহিল চাৰিটা দেওহাঁহ । জাতীয় পক্ষী হ’লেও দেওহাঁহৰ সংখ্যা অসমত দ্ৰুতগতিত হ্ৰাস পাইছে । অৰুণাচলতো এইবিধ চৰাই পোৱা যায়; কিন্তু দুয়োখন ৰাজ্যৰ অৰণ্যত দেওহাঁহৰ সংখ্যা হ্ৰাস হৈ আহিছে । ইয়াক লৈ উদ্বিগ্ন হৈ পৰিছে প্ৰকৃতিপ্ৰেমী আৰু বন বিভাগ । বিশ্বৰ আন কোনো ঠাইতে ক’লা শৰীৰ আৰু ক’লা বিন্দুসহ বগা মূৰৰ এইবিধ হাঁহ‌ পাবলৈ নাই ।

ৰাজ্যিক চিৰিয়াখানাৰ বাহিৰে ভাৰতৰ আন কোনো চিৰিয়াখানাতো এই হাঁহ সংৰক্ষণ কৰা হোৱা নাই । প্ৰধানকৈ অসমেই হ’ল এই হাঁহৰ বাসভূমি । অসমৰ চিৰসেউজীয়া গভীৰ অৰণ্যৰ ভিতৰত থকা জান-জুৰি, পিটনি, খাল-বিল আদিত দেওহাঁহ পোৱা যায় । কেৱল অসমতে পোৱা বাবে দেওহাঁহক ৰাজ্যিক চৰাই হিচাপে স্বীকৃতি দিয়া হৈছে । কিন্তু বিগত কে’বা বছৰৰ পৰা চলোৱা জৰীপত এই হাঁহৰ সংখ্যা ৰাজ্যখনত দ্ৰুতগতিত হ্ৰাস হোৱাৰ তথ্য পোহৰলৈ আহিছে । আনকি অৰুণাচলতো পাবলৈ নাই ।

ক্ৰমে দুষ্প্ৰাপ্য হ’বলৈ আৰম্ভ কৰা দেওহাঁহৰ বংশ বৃদ্ধি কৰাৰ প্ৰক্ৰিয়া বিগত কে’বা বছৰৰ পৰা চলি আহিছে । ইয়াৰ বাবে ২০১৯ত অসম ৰাজ্যিক চিৰিয়াখানাৰ কৃত্ৰিম প্ৰজননৰ এক প্ৰকল্প হাতত লোৱা হয় । এই প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ সময়ত পোহৰলৈ আহে যে বিশ্বৰ ভিতৰত চেক গণৰাজ্যস্থিত একমাত্ৰ প্ৰাগ চিৰিয়াখানাত দেওহাঁহৰ প্ৰজাতি সংৰক্ষিত হৈ আহিছে । তাৰ পাছতে অসম ৰাজ্যিক চিৰিয়াখানাৰ তদানীন্তন মাণ্ডলিক বন বিষয়া তেজচ মাৰিস্বামীৰ উদ্যোগত প্ৰাগৰ পৰা অসম ৰাজ্যিক চিৰিয়াখানালৈ দেওহাঁহ অনাৰ প্ৰক্ৰিয়া আৰম্ভ হয় । কিন্তু বন্যপ্ৰাণী সৰবৰাহৰ আন্তৰ্জাতিক কঠোৰ নীতি-নিয়ম আৰু তাৰ পাছতে অহা কৰ’না মহামাৰীৰ বিভীষিকা, তলাবন্ধ আদিৰ ফলত গোটেই প্ৰক্ৰিয়াটো স্থবিৰতা আহে ।

শেহতীয়াকৈ আন্তৰ্জাতিক বিমানৰ চলাচল আৰম্ভ হোৱা আৰু বন্যপ্ৰাণী সৰবৰাহৰ নীতি-নিয়মসমূহ সমাপন হোৱাৰ ফলত সুদূৰ চেক গণৰাজ্যৰ পৰা গুৱাহাটীস্থিত ৰাজ্যিক চিৰিয়াখানাত বংশৰক্ষাৰ দায়িত্ব লৈ উপস্থিত হৈছে চাৰিটা দেওহাঁহ । এই হাঁহকেইটাৰ বিনিময়ত অসমে প্ৰাগ চিৰিয়াখানা কৰ্তৃপক্ষক দিবলগীয়া হৈছে অসমৰ আন এক পৰিচয় চাৰিটা ম‌ইনা চৰাই । চাহ বাগিচাত কাম কৰা বগা চাহাবে নিজ দেশলৈ উভতি যোৱাৰ সময়ত আকৰ্ষণীয় এইবিধ হাঁহ লগত লৈ গৈছিল । তাৰ ফলত ইউৰোপৰ কোনো কোনো স্থানত দেওহাঁহৰ দৰে হাঁহ এতিয়াও দেখিবলৈ পোৱা যায় ।

ৰাজ্যিক চিৰিয়াখানাৰ মাণ্ডলিক বন বিষয়া অশ্বিনী কুমাৰে জনায় যে সম্প্ৰতি আটাইকেইটা দেওহাঁহক আছুতীয়াকৈ ৰখা হৈছে । তেওঁ কয়, ‘৪৫ দিনীয়া আছুতীয়াকৰণ শেষ হোৱাৰ পাছত দেওহাঁহকেইটাক যি উদ্দেশ্যত অসমলৈ অনা হৈছে তাত ব্যৱহাৰ কৰা হ’ব । অসমে চিৰিয়াখানাত কৃত্ৰিম প্ৰজননৰ পাছত হাঁহবোৰক পুনৰ অৰণ্যৰ প্ৰাকৃতিক পৰিৱেশত মুকলি কৰি দিয়া হ’ব ।’

Exit mobile version