চাহ নিগমৰ ১৫ বাগিচা ব্যক্তিগত খণ্ডক গতাবলৈ সাজু অসম চৰকাৰ

women picking tea leaves Assam scaled 1

অসম চাহ নিগম লিমিটেড (এটিচিএল)ৰ অধীনৰ ১৫খন বাগিচা এইবাৰ ব্যক্তিগত খণ্ডক হস্তান্তৰৰ প্ৰক্ৰিয়া চমু চপাই আনিছে ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে । ইয়াৰ পূৰ্বে বিজেপি মিত্ৰজোঁটৰ বিগত চৰকাৰেও বাগিচাকেইখন ব্যক্তিগত খণ্ডক লীজত দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল; কিন্তু লীজ প্ৰক্ৰিয়াটোত থকা বিসংগতি আৰু পাছলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰে গা এৰা দিয়াৰ বাবে বিষয়টো অধিক আগনাবাঢ়িল; অৱশ্যে বৰ্তমানৰ চৰকাৰে বাগিচাকেইখন ব্যক্তিগত খণ্ডক হস্তান্তৰৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । তাৰ ফলতে সকলো প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত কৰিছে চৰকাৰ তথা উদ্যোগ আৰু বাণিজ্য বিভাগে ।

দুৰ্বল পৰিচালনা, সমস্যাৰ প্ৰতি চৰকাৰে কাণসাৰ নিদিয়া, নিগমৰ ধনক লৈ ব্যাপক অনিয়ম সংঘটিত হোৱা আদি কাৰণত এসময়ৰ লাভজনক প্ৰতিখন বাগিচা সম্প্ৰতি ৰুগ্ন হৈ পৰিছে । লোকচানৰ ভৰত কোঙা হৈ পৰা বাগানসমূহত থকা ১৬ হেজাৰ শ্ৰমিকৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে । এনে দুৰৱস্থাৰ বাবে ৰাজ্য চৰকাৰে শ্ৰমিকৰ মজুৰি, বিষয়া-কৰ্মচাৰীৰ দৰমহা ৫০ শতাংশ ধন বহন কৰি আহিছে । বাকী ৫০ শতাংশ যোগাৰ কৰাৰ দায়িত্ব এটিচিএলৰ । অৱশ্যে নিগমে সেই ৫০ শতাংশ‌ও নিয়মীয়াকৈ যোগাৰ কৰাত ব্যৰ্থ হৈছে । কাৰণ বাগিচাবোৰৰ নিজা উপাৰ্জন একেবাৰে কম ।

চাহ গছবোৰৰ সময়মতে আপদাল নকৰাত পাতৰ উৎপাদনো একেবাৰে কম । ফলত বাগিচাৰ নিজা উপাৰ্জনৰ পৰিমাণ কম । এই প্ৰসংগতে বিভাগীয় সূত্ৰ‌ই প্ৰকাশ কৰে যে চাহ গছবোৰৰ সময়মতে প্ৰয়োজনীয় আপদাল কৰিলেও বাগিচাবোৰৰ উপাৰ্জন বাঢ়িলেহেঁতেন; কিন্তু তাকে নকৰি বাগিছাবোৰক পূৰ্বৰ প্ৰতিখন চৰকাৰে উপেক্ষা কৰি আহিছে ।

বৰ্তমানৰ চৰকাৰখনেও বাগিছাবোৰক ব্যক্তিগত খণ্ডত হস্তান্তৰৰ বাবেহে তৎপৰতা আৰম্ভ কৰে । সেয়েহে লীজ প্ৰক্ৰিয়াত কোনো যাতে সুৰুঙা ৰৈ যাব নোৱাৰে, তাতে গুৰুত্ব আৰোপ কৰে । সূত্ৰটোৱে আনকি কয় যে চৰকাৰে লীজত দিয়াৰ পূৰ্বে ‘পাৰ্টি’ও বিচাৰিছে; অৰ্থাৎ পাৰ্টি আগতীয়াকৈ চূড়ান্ত কৰি এইবাৰ বাগিচাকেইখন হস্তান্তৰ কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ হৈছে ।

উদ্যোগ আৰু বাণিজ্য বিভাগৰ তথ্য অনুসৰি এটিচিএলে কৰ্মচাৰীৰ ভৱিষ্যনিধিৰ পা‌ঁচশ কোটি টকা জমা দিবলৈ বাকী আছে । প্ৰয়োজনীয় পুঁজিৰ জোৰা মাৰিবলৈ অসম চৰকাৰৰ পৰাও নিগমে ইতিমধ্যে ছশ কোটিতকৈ অধিক টকাৰ ঋণ লৈছে । আনহাতে, অকল দৰমহা আৰু মজুৰিৰ বাবদ নিগমক বছৰি এশ কোটি টকাৰ প্ৰয়োজন হয় ।

ব্যক্তিগত খণ্ডক হস্তান্তৰৰ বাবে সাজু হোৱা এটিচিএলৰ বাগিচাকেইখন হ’ল – আমলখি, ভিজুভেলী, লংচং, ভোলাগুৰি, চিনামৰা, দৃষ্টিকোটা, নাগিনীজান, নেঘেৰেটিং, থেছামৰা, ৰঙামাটি, দীপলিং, ৰাজাবাৰী, লনখান, ইশ্বাভেল আৰু বিদ্যানগৰ ।

Exit mobile version