২০১১-২০১৯ বৰ্ষত ভাৰতত অতি দৰিদ্ৰৰ সংখ্যা ১২.৩ শতাংশ হ্ৰাস

Delhi crowd

কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনমোহিনী নীতিৰ পৰিণতিত ভাৰতত ২০২১ বৰ্ষৰ পৰা ২০১৯ বৰ্ষৰ সময়ছোৱাত যথেষ্ট হ্ৰাস পালে অতি দৰিদ্ৰ লোকৰ সংখ্যা । বিশ্ববেংকৰ এক গৱেষণামূলক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি উক্ত আঠ বৰ্ষত ভাৰতত দৰিদ্ৰ জনসংখ্যা ১২.৩ শতাংশ হ্ৰাস পালে ।

উক্ত গৱেষণাপত্ৰত গৱেষকে দাবী কৰা অনুসৰি ২০১১ৰ পৰা ২০১৯ৰ সময়ছোৱাত দেশৰ গ্ৰামাঞ্চলত অতি দৰিদ্ৰ বাসিন্দাৰ সংখ্যা চহৰৰ তুলনাত দ্ৰুত হাৰত হ্ৰাস পাইছিল । এই আঠ বছৰত গ্ৰামাঞ্চলত অতি দৰিদ্ৰ জনসংখ্যা আছিল ২৬.৩ শতাংশ । ২০১৯ বৰ্ষত গ্ৰামাঞ্চলত অতি দৰিদ্ৰ জনসংখ্যা ১১.৬ শতাংশলৈ হ্ৰাস পালে ।

একেদৰে দেশৰ চহৰাঞ্চলত ২০১১ বৰ্ষত দৰিদ্ৰৰ জনসংখ্যা আছিল ১৪.২ শতাংশ আৰু ২০১৯ বৰ্ষত চহৰ অঞ্চলত দৰিদ্ৰ লোকৰ সংখ্যা ৬.৩ শতাংশলৈ হ্ৰাস পায় । অৰ্থাৎ উক্ত আঠ বৰ্ষত চহৰ অঞ্চলত দৰিদ্ৰ জনসংখ্যা ৭.৯ শতাংশ হ্ৰাস পালে । সামগ্ৰিকভাৱে ২০১১ বৰ্ষত ভাৰতত অতি দৰিদ্ৰ জনসংখ্যাৰ হাৰ আছিল ২২.৫ শতাংশ আৰু ২০১৯ বৰ্ষত ভাৰতত অতি দৰিদ্ৰ জনসংখ্যা হাৰ ১০.২ শতাংশলৈ হ্ৰাস পায় ।

উল্লেখ্য যে কিছুদিন পূৰ্বে আন্তৰ্জাতিক ‌মুদ্ৰানিধিয়ে এক গৱেষণাপত্ৰত দাবী কৰা হৈছিল যে ভাৰতত অতি দৰিদ্ৰ নাগৰিকৰ সংখ্যা অচিৰে শূণ্য হোৱাৰ পথত । বিশ্ববেংকৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা মতে, ২০১১-১৯ বৰ্ষৰ সময়ছোৱাত দেশৰ প্ৰান্তিক আৰু ক্ষুদ্ৰ কৃষকৰ উপাৰ্জন যথেষ্ট বৃদ্ধি পাইছে ।

Exit mobile version