কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ জনমোহিনী নীতিৰ পৰিণতিত ভাৰতত ২০২১ বৰ্ষৰ পৰা ২০১৯ বৰ্ষৰ সময়ছোৱাত যথেষ্ট হ্ৰাস পালে অতি দৰিদ্ৰ লোকৰ সংখ্যা । বিশ্ববেংকৰ এক গৱেষণামূলক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি উক্ত আঠ বৰ্ষত ভাৰতত দৰিদ্ৰ জনসংখ্যা ১২.৩ শতাংশ হ্ৰাস পালে ।
উক্ত গৱেষণাপত্ৰত গৱেষকে দাবী কৰা অনুসৰি ২০১১ৰ পৰা ২০১৯ৰ সময়ছোৱাত দেশৰ গ্ৰামাঞ্চলত অতি দৰিদ্ৰ বাসিন্দাৰ সংখ্যা চহৰৰ তুলনাত দ্ৰুত হাৰত হ্ৰাস পাইছিল । এই আঠ বছৰত গ্ৰামাঞ্চলত অতি দৰিদ্ৰ জনসংখ্যা আছিল ২৬.৩ শতাংশ । ২০১৯ বৰ্ষত গ্ৰামাঞ্চলত অতি দৰিদ্ৰ জনসংখ্যা ১১.৬ শতাংশলৈ হ্ৰাস পালে ।
একেদৰে দেশৰ চহৰাঞ্চলত ২০১১ বৰ্ষত দৰিদ্ৰৰ জনসংখ্যা আছিল ১৪.২ শতাংশ আৰু ২০১৯ বৰ্ষত চহৰ অঞ্চলত দৰিদ্ৰ লোকৰ সংখ্যা ৬.৩ শতাংশলৈ হ্ৰাস পায় । অৰ্থাৎ উক্ত আঠ বৰ্ষত চহৰ অঞ্চলত দৰিদ্ৰ জনসংখ্যা ৭.৯ শতাংশ হ্ৰাস পালে । সামগ্ৰিকভাৱে ২০১১ বৰ্ষত ভাৰতত অতি দৰিদ্ৰ জনসংখ্যাৰ হাৰ আছিল ২২.৫ শতাংশ আৰু ২০১৯ বৰ্ষত ভাৰতত অতি দৰিদ্ৰ জনসংখ্যা হাৰ ১০.২ শতাংশলৈ হ্ৰাস পায় ।
উল্লেখ্য যে কিছুদিন পূৰ্বে আন্তৰ্জাতিক মুদ্ৰানিধিয়ে এক গৱেষণাপত্ৰত দাবী কৰা হৈছিল যে ভাৰতত অতি দৰিদ্ৰ নাগৰিকৰ সংখ্যা অচিৰে শূণ্য হোৱাৰ পথত । বিশ্ববেংকৰ প্ৰতিবেদনত লগতে উল্লেখ কৰা মতে, ২০১১-১৯ বৰ্ষৰ সময়ছোৱাত দেশৰ প্ৰান্তিক আৰু ক্ষুদ্ৰ কৃষকৰ উপাৰ্জন যথেষ্ট বৃদ্ধি পাইছে ।