তিনিখন দেশ ভ্ৰমণ কৰাৰ সম্ভাৱনা মোদীৰ

Modi Interview

জাৰ্মানী, ডেনমাৰ্ক আৰু ফ্ৰান্স ভ্ৰমণ কৰাৰ সম্ভাৱনা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ । মে’ৰ প্ৰথম সপ্তাহত এই তিনিখন দেশ ভ্ৰমণ কৰাৰ কথা আছে মোদীৰ । এই ভ্ৰমণ সন্দৰ্ভত এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা নকৰিলেও সোনকালেই এই বিষয়ে ঘোষণা কৰা হ’ব বুলি অনুমান কৰা হৈছে ।

বিগত প্ৰায় দুমাহ ধৰি ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ চলি আছে । এনে পৰিস্থিতিত, ইউৰোপীয় দেশবোৰ মস্কোৰ বিৰুদ্ধে সৰৱ হৈছে । অৱশ্যে, ভাৰতে “দীৰ্ঘদিনীয়া বন্ধু” ৰাছিয়াৰ কাষত থিয় দিছে । সেয়ে নতুন চাপ বাঢ়িছে নতুন দিল্লীৰ ওপৰত ।

ইফালে মোদীৰ ভ্ৰমণৰ পূৰ্বে তেওঁ আন দুজন নেতাকো লগ কৰিব । ব্ৰিটিছ প্ৰধানমন্ত্ৰী বৰিছ জনছনে দুদিনীয়া ভ্ৰমণত ভাৰতত উপস্থিত হৈছে । তেওঁ ইউৰোপীয় আয়োগৰ সভাপতি উৰসুলা ভান ডাৰ লিয়েনৰ স’তেও এখন বৈঠক অনুষ্ঠিত কৰাৰ কথা আছে ।

দৰাচলতে, ইউৰোপীয় ইউনিয়ন হৈছে ভাৰতৰ তৃতীয় সৰ্ববৃহৎ বাণিজ্যিক অংশীদাৰ । ইউক্ৰেইনৰ যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভাৰতে কোনো প্ৰকাৰে ৰাছিয়াক সমৰ্থন কৰাৰ কোনো প্ৰভাৱ সম্পৰ্কত পৰাটো বিচৰা নাই ।

এইটোও শুনা গৈছে যে মোদী আৰু পাকিস্তানৰ নতুন প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ এই বছৰ লগ হ’ব পাৰে । ছাংহাই কৰ্পোৰেচন অৰ্গেনাইজেচন (এছচিঅ’) ১৭ জুলাইত উজবেকিস্তানৰ তাচখন্দত বৈঠকত মিলিত হৈছে । দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে তাত যোগ দিবলৈ যাব ।

Exit mobile version