COVID-19 : ক’ভিড আপডেট

covid testing india

বিগত ২৪ ঘণ্টাত দেশত পুনৰ বৃদ্ধি পালে ক’ভিডৰ দৈনিক সংক্রমণৰ সংখ্যা । ভাৰতত এদিনত নতুনকৈ কৰ’না আক্রান্ত হ’ল দুহেজাৰ ৬৭ জন । মঙলবাৰে আক্রান্তৰ সংখ্যা আছিল ১,২৪৭ জন । অর্থাৎ ২৪ ঘণ্টাত প্রায় ৬৬ শতাংশ বাঢ়িল কৰ’না ৰোগীৰ সংখ্যা ।

উদ্বেগ বাঢ়িছে মৃতৰ সংখ্যা বৃদ্ধিতো । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিন অনুযায়ী বুধবাৰে কৰ’না আক্রান্ত হৈ দেশত ৪০ জনৰ মৃত্যু হৈছে । ইয়াৰ এদিন আগতে, অর্থাৎ মঙলবাৰে ক’ভিডত আক্রান্ত হৈ মৃত্যু হৈছিল মাত্র এজনৰ ।

দিল্লীত এদিনত কৰ’না আক্রান্তৰ সংখ্যা বৃদ্ধি পাইছে প্রায় ২৬ শতাংশ । যোৱা ২৪ ঘণ্টাত দিল্লীত নতুনকৈ ৬৩২ জন আক্রান্ত হৈছে । উদ্বেগ বাঢ়িছে কেৰালাক লৈও । কেৰালাতো দৈনিক আক্রান্তৰ সংখ্যাই পাঁচশ চুইছে । ৰাজ্যখনত এদিনত ৪৮৮ জন আক্রান্ত হৈছে । মৃত ৪০ জনৰ ভিতৰত কেৰালাৰেই ৩৪ জন ।

দেশত সম্প্ৰতি সক্রিয় কৰ’না আক্রান্তৰ সংখ্যা ১২ হেজাৰ ৩৪০ । লগতে এদিনত নতুনকৈ সুস্থ হৈছে ১,৫৪৭ জন ।

Exit mobile version