Delhi Covid : দিল্লীত পুনৰ বাধ্যতামূলক মাস্ক

1650463252 delhi2

ঘৰৰ বাহিৰত ভৰি দিলেই মাস্ক পৰিধান কৰা পুনৰ বাধ্যতামূলক কৰিলে দিল্লীয়ে । একে সময়তে, মাস্ক পৰিধান নকৰলে ৫০০ টকাৰ জৰিমনা লোৱাৰ নিয়ম উঠাই লোৱাৰ তিনি সপ্তাহ পাছতে নিয়মটো পুনৰ জাৰী কৰা হৈছে ।

দিল্লী দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই(ডিডিএমএ) বুধবাৰে ক’ভিড-১৯ আক্ৰান্তৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ এই সিদ্ধান্ত লৈছে ।

নতুনকৈ দেশত কৰ’নাত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হোৱা আৰম্ভ হওঁতেই উদ্বেগ বৃদ্ধি পাইছে দিল্লীত । সোমবাৰে দিল্লীত ক’ভিড আক্ৰান্তৰ সংখ্যা আছিল ৫০১। কিন্তু মঙলবাৰে, ই ২৬ শতাংশ বৃদ্ধি পাইছে। যোৱা ২৪ ঘণ্টাত, দিল্লীত ৬৩২ জন নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ।

দিল্লীত কৰ’না ৰোগীৰ সংখ্যা একেৰাহে তিনিদিনৰ বাবে ৫০০ অতিক্ৰম কৰিছে। কেন্দ্ৰৰ তথ্য অনুসৰি, ২০ ফেব্ৰুৱাৰীৰ পাছত, দেওবাৰে ৰাজধানীত দৈনিক ক’ভিড ৰোগীৰ সংখ্যা ৫০০তকৈ ওপৰলৈ বৃদ্ধি পাইছে। দিল্লীত বৰ্তমান সংক্ৰমণৰ হাৰ ৪.৪২ শতাংশ, যি আন ৰাজ্যতকৈ অধিক।

Exit mobile version