Unemployment : মূল্যবৃদ্ধিৰ মাজতে গা কৰি উঠিছে নিবনুৱা সমস্যা, গ্রাম্যাঞ্চলৰ তুলনাত চহৰত বাঢ়িল নিবনুৱাৰ সংখ্যা

47905104 101

কৰ’নাৰ তৃতীয় ঢৌ সমাপ্ত হোৱাৰ পাছত আর্থিক ক্ষেত্ৰত কিছু ঠন ধৰাত দেশত নিবনুৱাৰ হাৰ লাহে লাহে কমিব বুলি আশা আছিল । উদ্বেগ বৃদ্ধি কৰি উপদেষ্টা সংস্থা চিএমআইই-ৰ পৰিসংখ্যাই জনালে, যোৱা দেওবাৰ (১৭ এপ্রিল) বিগত সপ্তাহত চহৰাঞ্চলত সেই হাৰ আগৰ সপ্তাহতকৈ বাঢ়ি পুনৰ ১০ শতাংশ হৈছে। নিবনুৱা বাঢ়িছে গ্রামাঞ্চলতো । ফলত দেশত সার্বিকভাৱে এই হাৰ ৮.৪৩ শতাংশ । ১০ এপ্রিল বিগত সপ্তাহত এই হাৰ আছিল ৭.৩৬ শতাংশ ।

বিশেষজ্ঞৰ দাবী, মূল্যবৃদ্ধিয়ে অর্থনীতিৰ আগবঢ়াৰ পথ অৱৰোধ কৰিছে । সাধাৰণ জনতাৰ লগতে উদ্যোগবোৰৰ ওপৰতো মূল্যবৃদ্ধিৰ মাধমাৰ পৰিছে । ফলত সার্বিক চাহিদা কমিছে । ইয়াৰ উপৰি খৰচ কম কৰিবলৈ বহু সংস্থাই উৎপাদন আৰু সেৱাৰ পৰিমাণ কম কৰিছে । ফলত কৰ’বাত বন্ধ হৈছে কর্মচাৰী নিয়োগ, আনহাতে, কৰ’বাত কৰ্মচাৰী কম কৰা হৈছে । অথচ কামৰ বজাৰত ভিৰ বাঢ়িছে । শ্রম-অর্থনীতিবিদ তথা এক্সএলআৰআইৰ শিক্ষক কে আৰ শ্যাম সুন্দৰ, পটনা আইআইটি-ৰ অর্থনীতিৰ অধ্যাপক ৰাজেন্দ্র পৰামানিক আৰু আর্থিক বিশেষজ্ঞ অনির্বাণ দত্ত — তিনিওজনৰ মতে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিকে সাপ্তাহিক নিবনুৱা বৃদ্ধিৰ প্রধান কাৰণ ।

বিশেষজ্ঞসকলৰ দাবী

• মূল্যবৃদ্ধিৰ ফলত পণ্য-সেৱাৰ চাহিদা কমিছে ।

• বিক্রী মাৰ খোৱাৰ শংকাত আৰু কেঁচামালৰ বৰ্ধিত দামত খৰচ বঢ়াত বহু সংস্থাই উৎপাদন কমাইছে । সেৱাৰ খৰচত কমাইছে অনেকে । ফলত কর্মচাৰী কম কৰা হৈছে ।

• কৰ’নাৰ তৃতীয় ঢৌ কমাৰ পাছত যিসকলে কর্মচাৰী বঢ়োৱাৰ সিদ্ধান্ত লৈছিল, তেওঁলোকৰ বৃহৎ অংশ‌ই সম্প্ৰতি বন্ধ ৰাখিছে ।

• উদ্যোগৰ শংকা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈ সুদ বঢ়ালে চাহিদা আৰু কমিব পাৰে ।

• অতিমাৰীৰ প্রভাৱ কম হোৱাৰ পাছতে চাকৰিৰ বজাৰত ভিৰ বাঢ়িছে, অথচ সেই তুলনাত কাম কম ।

শ্যাম সুন্দৰৰ বক্তব্য, এফালে ৰাছিয়া-ইউক্রেইন যুদ্ধ আৰু চীনত পুনৰ ক’ভিড সংক্রমণ বৃদ্ধি পোৱাত পণ্যৰ যোগান বিপর্যস্ত । আনহাতে, ইন্ধন, কেঁচামালৰ বৰ্ধিত দাম । ইয়াৰ ফলত মূলত চহৰাঞ্চলত বহু সংস্থাই উৎপাদন বা সেৱাৰ পূর্ণ ক্ষমতা ব্যৱহাৰ কৰিব পৰা নাই । প্রকল্পৰ গতি ধীৰ হৈছে । কিন্তু ইন্ধন বা কেঁচামালৰ খৰচত নিয়ন্ত্রণৰ উপায় কম থকাত, কর্মচাৰীসকলৰ খৰচ কমিছে । হয় কৰ্মচাৰী কম কৰা হৈছে নতুবা নিয়োগ বন্ধ । ফলত নিবনুৱা সমস্যাই গা কৰি উঠিছে । তেওঁৰ মতে, গ্রামাঞ্চলৰ কর্মসংস্থানতো প্ৰভাৱ পৰিছে ইন্ধনৰ দৰৰ ।

উৎপাদন শুল্ক কম কৰি কেন্দ্র‌ই তেলৰ দাম কমোৱাৰ ব্যৱস্থা কৰিলে কিছু সকাহ পালে হয় জনসাধাৰণে । তেওঁৰ দাবী, ‘‘সম্প্রতি চৰকাৰে গ্রাম্য অঞ্চলত এশ দিনৰ কামৰ আবণ্টন অর্থ মঞ্জুৰ কৰাত তাত নিবনুৱা কিছু কমিব পাৰে ।’’

আৰ্থিক বিশেষজ্ঞ দত্ত‌ই কয়, ‘‘পণ্যৰ মূল্যবৃদ্ধিৰ ফলত চাহিদা কমিলে উৎপাদন কমায় সংস্থাবোৰে । খৰচ কম কৰিবলৈ প্রথম কোপ পৰে কর্মচাৰীৰ সংখ্যাত । সম্ভৱত সেইটোৱে আৰম্ভ হৈছে ।’’ তেওঁৰ দাবী, আৰু কাৰণ আছে । যেনে, যুদ্ধৰ ফলত ভাৰতত আমদানি-ৰপ্তানি কমিছে । প্রচুৰ বন্দৰ কর্মচাৰীয়ে কাম হেৰুৱাইছে । ইস্পাতৰ দাম বঢ়াত নির্মাণ কাৰ্যত বাধা পৰিছে । তাত কৰ্মচাৰী কম কৰা হৈছে বা নিযুক্তি কৰা হোৱা নাই ।

ৰাজেন্দ্র পৰামানিকৰ দাবী, ‘‘বৰ্ধিত মূল্যবৃদ্ধিৰ বাবে বিশেষকৈ অসংগঠিত ক্ষেত্রত কাম হেৰুওৱাৰ হাৰ অধিক ।’’ তেওঁৰ শংকা, শীঘ্ৰে দাম নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে অৱস্থা আৰু জটিল হ’ব পাৰে ।

Exit mobile version