দিনটোৰ ৰাশিফল

efc207338609992b93ca0d0fb55d2993 original

মেষঃ কৰ্মক্ষেত্ৰত নতুন আশা থাকিব, যদিও সৰু-সুৰা বাধাৰ সন্মুখীন হোৱাৰ কাৰকতা । বিদ্যাত মধ্যম ফল, দাম্পত্যত মধ্যম । শৰীৰৰ ওপৰত নজৰ ৰাখক । শুভ ৰং বগা, শুভ সংখ্যা ৮ ।

বৃষঃ আৰ্থিক ক্ষেত্ৰত সামান্য হ’লেও কষ্ট আছে । জ্ঞাতি-কুটুম্বৰ পৰা মধ্যম সঁহাৰি । উপায়ন্ত‌ই পুৰষ্কৃত হ’ব । বন্ধুৰ আন্তৰিকতা । প্ৰেমত বদনাম । শুভ ৰং ৰঙা, শুভ সংখ্যা ২ ।

মিথুনঃ অনুকূল পৰিৱেশ । শৰীৰ মোটামুটি ভাল ক’ব পাৰি । আপোন ব্যক্তিৰ পৰা সুখ । কৰ্মব্যস্ততা থাকিব । ভ্ৰমণ, সন্মান আদিৰ যোগ । শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৮ ।

কৰ্কটঃ গুৰুজনৰ সহায়ত ব্যৱসায়ত লাভৰ কাৰকতা । পাৰিবাৰিক মতভেদৰ সম্ভাৱনা আছে । বিদ্যাত অৱশ্যে সিমান বেয়া দেখা নাযায় । নিবনুৱাসকল চেষ্টাত সফল হ’ব পাৰে । শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২ ।

সিংহঃ উন্নত পৰিৱেশৰ আশা । পাৰিবাৰিক সু-সংবাদ পোৱাৰ কাৰক । আৰ্থিক দিশত কিছু ভালেই । পঢ়া-শুনাত যোগ্যতা থাকিব । কোনো লোকৰ সান্নিধ্যত সুখ পাব । শুভ ৰং নীলা, শুভ সংখ্যা ৪ ।

কন্যাঃ মজলীয়াভাৱে দিনটো পাৰ হ’ব । হঠাৎ কাৰোবাৰ লগত মতান্তৰ সৃষ্টি হ’ব পাৰে । বিদ্যাত মধ্যম । ভ্ৰমণাদিত আৰ্থিক হানিৰ যুগ । আলহীৰ আগমন । শুভ ৰং গুলপীয়া । শুভ সংখ্যা ৪ ।

তুলাঃ আৰ্থিকত খৰচৰ মাত্ৰা বৃদ্ধি পাব । দুৰ্ভাৱনাই দিনটোৱে আমনি কৰিব । ব্যৱসায়ত গুপ্ত শত্ৰুৰ পৰা সাৱধান । ভ্ৰমণৰ চেষ্টাত লাভবান হ’ব । ঘৰুৱাত নতুন পৰিকল্পনা । শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৭ ।

বৃশ্চিকঃ আনন্দ লাভ । সু-সংযোগত মনত উৎসাহ থাকিব । আৰ্থিক দিশত সিমান উন্নত নহ’লেও অসুবিধাতো নপৰিব । কৰ্মক্ষেত্ৰত উন্নত পৰিৱেশ । ব্যৱসায়ত শুভ । শুভ ৰং বগা । শুভ সংখ্যা ৯ ।

ধনুঃ ঘৰুৱা দিশত বেয়া নহ’ব । দুই-এটা চেষ্টাত সফল । কৰ্মক্ষেত্ৰত জটিলতা থাকিলেও আপোনাৰ সুনাম হানি নহ’ব । কোনো লোকৰ সাক্ষাতত উপকৃত হ’ব । শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ।

মকৰঃ খৰচ-পাতি ৰোধ কৰাৰ চেষ্টা কৰক । ফুৰা-মেলাতো সাৱধান হ‌ওক । কৰ্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব । আকস্মিক কাৰণত মনলৈ কষ্ট অহাৰ সম্ভাৱনা । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫ ।

কুম্ভঃ সাৱধানেৰে চলক । শৰীৰ বৰ শুভ বুলিব নোৱাৰি । কৰ্মক্ষমসকলে নিজ কৰ্মত আত্মনিয়োগ কৰক । বাদ-বিসম্বাদৰ পৰা আঁতৰক । শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫ ।

মীনঃ ৰাজহুৱা কামত খ্যাতি ম্লান নহয় । শৰীৰ মধ্যম বন্ধুবৰ্গৰ লগত সু-সম্বন্ধ থাকিব । বিদ্যাত ভালেই ব্যৱসায়ীসকলে বাধাৰ সন্মুখীন হ’ব পাৰে । ভ্ৰমণত সুখ । শুভ ৰং নীলা, শুভ সংখ্যা ৯ ।

Exit mobile version