‘বুদ্ধা হোগা তেৰা বাপ’ ! ৭৯ বৰ্ষীয় অমিতাভ বচ্চনৰ ‘কিক’ দেখি তাজ্জব অনুৰাগীসকল

behum718 big

‘বুদ্ধা হোগা তেৰা বাপ’ । ২০১১ত এইটো নামৰেই এটা ছবিত অভিনয় কৰিছিল অমিতাভ বচ্চনে (Amitabh Bachchan) । ইয়াৰ পাছত এক দশক পাৰ হ’ল । আজি তেওঁ ৭৯ বৰ্ষীয় । কিন্তু আজিও যেন ‘বুদ্ধা’ হোৱাত তীব্র আপত্তি বিগ বিৰ । বৃহস্পতিবাৰে পুৱা ইনষ্টাগ্রামত প’ষ্ট কৰা তেওঁৰ ছবিবোৰ যেন পুনৰ মনত পেলাই দিলে বয়স এটা সংখ্যা মাত্র । বিগ বিৰ দৰে কিমানেই বা বয়সক জয় কৰিব পাৰে । যিটো পুনৰ প্রমাণ কৰিলে তেওঁৰ দুৰন্ত ‘কিক’ৰ ছবিবোৰে ।

বিগত শতাব্দীৰ ৭০ৰ দশকত শেহেনশ্বাহে বলিউডত যি ৰাজ্যপাট বিস্তাৰ কৰিছে, আজিও তেওঁ তাত ৰাজত্ব কৰি আছে । মহাতাৰকা হয়তো এনেকুৱাই হয় । সকলো সময়তেই যেন নিজৰ উচ্চতাকেই পিছ পেলোৱাৰ ইচ্ছা । সম্প্ৰতি টাইগাৰ শ্রফক (Tiger Shroff) দেখি প্ৰভাৱিত হৈছে অমিতাভ । জেকি-পুত্রৰ শাৰীৰিক ক্ষিপ্রতা দেখি তাজ্জব হৈ এই শাৰীৰিক ব্যায়াম কৰা দেখা গৈছে তেওঁক ।

নিজৰ প’ষ্টতেই এই কথা জনাইছে অমিতাভে । প’ষ্টত তেওঁ লিখিছে, “টাইগাৰ শ্রফে এই ‘কিক’ দক্ষতাৰ বাবে যিমান লাইক পায় সেয়া দেখি মোৰো ইচ্ছা হ’ল ম‌য়ো চেষ্টা কৰি চাম, যদি অলপ-চলপ লাইক পাওঁ ।” এই মন্তব্যৰ স’তে ছবিবোৰ দেখি মুগ্ধ অনুগামীসকল । প্রায় ৮০ বছৰীয়া ‘যুৱকৰ’ এই কীর্তি দেখি কুর্নিশ কৰিছে তেওঁলোকে । প্রথম চাৰি ঘণ্টাৰ ভিতৰতেই লাইক তিনি লাখৰো অধিক লাইক পাইছে ।

অমিতাভৰ প’ষ্টটো শ্বেয়াৰ কৰিছে টাইগাৰেও । দেশৰ ‘গ্রেটেষ্ট’ তাৰকা আৰু ‘গ্রেটেষ্ট’ একছন হিচাপে এই প্রশস্তিত যে তেওঁ আপ্লুত, সেই কথা জনাই জেকি পুনৰ স্পষ্ট কথা, ”ছাৰ, যদি আৰু কিছু বছৰ পাছত ম‌ই আপোনাৰ দৰে ‘কিক’ কৰিব পাৰো, তেনেহ’লে সেইটো আশীর্বাদ বুলি ভাবিম ।”

Exit mobile version