Pakistan Cabinet : পাকিস্তানৰ নতুন মন্ত্ৰীসভাত স্থান পাইছে পাঁচ মহিলাই

1650510331 pak cabinet

এসপ্তাহৰো অধিক সময় ধৰি মন্ত্রীসভা গঠন কৰিছে পাকিস্তানৰ নতুন প্রধানমন্ত্রী শ্বাহবাজ শ্বৰিফে । বিস্তৰ টালবাহানাৰ পাছত কালি শপত গ্ৰহণ কৰিছে সদ্যগঠিত সেই মন্ত্রীসভাৰ সদস্যসকলে । এই অনুষ্ঠানত যথেষ্ট চমক দিছে পিএমএল-এন প্রধান শ্বৰিফে । তেওঁৰ মন্ত্রীসভা জিলিকাইছে পাঁচ নাৰী সদস্যাই । যিটো লৈ পাক সংবাদমাধ্যম তোলপাৰ লাগিছে ।

সদ্য প্রাক্তন পাক প্রধানমন্ত্রী ইমৰান খানৰ মন্ত্রীসভাত নাৰীয়ে বিশেষ গুৰুত্ব পোৱা নাছিল । কিন্তু শ্বাহবাজ ব্যতিক্রম । নিজৰ মন্ত্রীসভাত পাঁচগৰাকী নাৰীক গুৰুত্বপূর্ণ পদত ৰাখিছে তেওঁ । যাৰ ভিতৰত আছে শ্বেৰি ৰহমান, হিনা ৰব্বানি খাৰ, সাজিয়া মাৰি, মৰিয়ম ঔৰংগজেৰ আৰু আয়েশা গউছ পাশা ।

পাকিস্তান পিপলছ পার্টিৰ প্ৰধান তথা বেনজিৰ ভুট্টোৰ পুত্র বিলাবল জাৰদাৰি ভুট্টো শ্বৰীফে এই মন্ত্রীসভাত সম্প্ৰতি কোনো পদ পোৱা নাই । পাক সংবাদমাধ্যমবোৰত জল্পনা আৰম্ভ হৈছে বৈদেশিক মন্ত্রীৰ গুৰুত্বপূর্ণ পদ পাব পাৰে বিলাবলে । শ্বৰীফে সম্প্ৰতি বৈদেশিক মন্ত্রণালয়টো নিজৰ তাতেই ৰাখিছে আৰু সেই মন্ত্রণালয়ৰ প্রতিমন্ত্রীৰ দায়িত্ব দিছে প্রাক্তন পাক বৈদেশিক মন্ত্রী তথা পিপিপি নেত্রী হিনা ৰব্বানি খাৰক ।

কূটনৈতিক বিশেষজ্ঞসকলৰ মতে ভৱিষ্যতে হিনাৰ দলৰ প্ৰধান অর্থাৎ বিলাবলকেই বৈদেশিক মন্ত্রীথ আসনত বহাব পাৰে শ্বৰীফে । অৱশ্যে তাৰ আগতে প্রতিবেশী দেশসমূহৰ স’তে সম্পর্কৰ গভীৰতা নিজে জুখিব বিচাৰিছে শ্বাহবাজে । সেয়ে সম্প্ৰতি প্রতিমন্ত্রী হিচাপে ৰাখিছে এই মন্ত্রণালয়ৰ অভিজ্ঞতা থকা এগৰাকী নেত্রীক ।

আমেৰিকাত পাকিস্তানৰ প্রাক্তন দূত শ্বেৰি ৰহমানকো পৰিৱেশৰ দৰে গুৰুত্বপূর্ণ পদ দি প্রশংসা কঢ়িয়াইছে শ্বৰীফে । ইমৰান খানৰ আমোলত পৰিৱেশ মন্ত্রণালয়ৰ দায়িত্বত আছিল তেওঁৰ দলৰ জাৰতাজ গুল । কিন্তু তেওঁ সিমান গুৰুত্বসহকাৰে সেই মন্ত্রণালয় পৰিচালনা কৰিব পৰা নাই বুলি অভিযোগ উঠে । বহু সময়ত পৰিৱেশ সংক্রান্ত নানা বিতর্কিত তথ্য প্ৰকাশ কৰি সংবাদৰ শিৰোনামত থাকে গুল ।

অথচ পাকিস্তানৰ বিৰোধী দলবোৰৰ অভিযোগ, কোনো ক্ষেত্রতেই পৰিৱেশক গুৰুত্ব দিব নিবিচাৰে তেওঁ । বিপৰীতে, আমেৰিকাত পাক দূত হিচাপে শ্বেৰিৰ কর্মদক্ষতাই প্রশংসা কঢ়িয়াইছিল তেওঁৰ বিৰোধী দলবোৰৰ পৰাও । এইবাৰো তেওঁক জলবায়ু পৰিৱর্তন মন্ত্রীৰ পদ দি শ্বৰীফে বুদ্ধিমত্তাৰ পৰিচয় দিছে বুলি ধাৰণা বিশেষজ্ঞসকলৰ ।

পিএমএল-এন নেত্রী মৰিয়ম ঔৰংগজেবক তথ্যমন্ত্রীৰ পদ দিছে শ্বাহবাজে । স্পষ্টবাদী মৰিয়মেও নিজৰ দায়িত্ব সুচাৰুৰূপেই পালন কৰিব পাৰিব বুলি আশা কৰা হৈছে ।

মন্ত্রীসভাত আৰু দুই নাৰীৰ মুখ হ’ল পিপিপি-ৰ নেত্রী সাজিয়া মাৰি আৰু পিএমএল-এনৰ আয়েশা গউছ পাশা । তেওঁলোক দুয়োজনেই প্রথমবাৰৰ বাবে পাকিস্তানৰ মন্ত্রী হ’ল । সাজিয়াক বেনজিৰ ইনকাম ছাপ’র্ট প্র’গ্রেম (বিআইএছপি)-ৰ মন্ত্রণালয় আৰু আয়েশাক বিত্ত মন্ত্রণালয়ৰ প্রতিমন্ত্রীৰ দায়িত্ব দিয়া হৈছে ।

Exit mobile version