কি নাম দিলে জনপ্ৰিয় অভিনেত্ৰী প্রিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জ’নাছৰ কন্যাৰ নাম !

Priyanka Chopra and Nick Jonas with their daughter

বলিউড অভিনেত্রী প্রিয়ংকা চোপ্ৰা আৰু তেওঁৰ স্বামী নিক জ’নাছে তেওঁলােকৰ সদ্যজাত কন্যা সন্তানৰ নাম মালতী ৰাখিলে।

সূত্ৰৰ খবৰ অনুসৰি, প্রিয়ংকা-নিকৰ সন্তানৰ জন্মৰ প্ৰমাণপত্ৰত উল্লেখ কৰা নামটো হৈছে ‘মালতী মেৰী চোপ্ৰা জনাছ’। পুৰােহিতৰ পৰামর্শ অনুসৰি প্ৰিয়ংকাই সন্তানৰ নামকৰণ কৰিলে।

উল্লেখ্য যে প্রিয়ংকাই ভাড়াতীয়া মাতৃৰ জৰিয়তে কন্যা সন্তানৰ মাতৃত্ব অর্জন কৰাৰ পাছত তেওঁৰ মাতৃ মধু চোপ্রাই সংবাদ মাধ্যমৰ আগত কৈছিল যে সন্তানটিৰ নামকৰণৰ দায়িত্ব পুৰােহিতক অর্পণ কৰা হৈছে।

যােৱা ১৫ জানুৱাৰীতে সন্তানটিৰ জন্ম হৈছিল যদিও বৃহস্পতিবাৰেহে প্রিয়ংকাৰ কন্যাৰ নাম সামাজিক মাধ্যমৰ জৰিয়তে পােহৰলৈ আহিল।

Exit mobile version