কীমে পত্র লিখি দক্ষিণ কোৰিয়াৰ ৰাষ্টপতিক জনালে ধন্যবাদ, কিন্তু কিয় ?

1628072736 kim jong un head bandage 1200x800 1

উত্তৰ কোৰিয়াৰ কমিউনিষ্ট শাসক কীম জং উনে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্রপতি মুন জে-ইনলৈ এখন পত্ৰ প্ৰেৰণ কৰিলে। এই পত্ৰত দুই কোৰিয়াৰ সম্পর্ক উন্নতকৰণৰ বাবে ৰাষ্ট্রপতি মুনে গ্ৰহণ কৰা প্ৰয়াসৰ বাবে কীমে ধন্যবাদ জনালে।

যােৱা বুধবাৰে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ পৰা এখন পত্র লাভ কৰাৰ পাছত কীমে এইদৰে পত্ৰ লিখি উ’ত্তৰ দিলে। উক্ত পত্ৰত কীমে নিজৰ কাৰ্যকালৰ অন্তিম দিনলৈকে ৰাষ্ট্রৰ বাবে মুনে গ্রহণ কৰা পদক্ষেপক প্রশংসা কৰে।

কে চি এন এয়ে শুকুৰবাৰে এই কথা প্রকাশ কৰি কয়, “উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ শীর্ষ নেতাৰ মাজত ব্যক্তিগত পত্ৰৰ আদান-প্রদানে গভীৰ আস্থা প্রদর্শন কৰিলে। মুনে অৱসৰ গ্রহণ কৰাৰ পাছতাে কোৰিয়াৰ সম্পর্ক উন্নতকৰণৰ বাবে কাম কৰিবলৈ কীমৰ আগত ইচ্ছা ব্যক্ত কৰিলে।’

Exit mobile version