দিনটোৰ ৰাশিফল

efc207338609992b93ca0d0fb55d2993 original

মেষ : পুৱা ১০টালৈ কিছু সাৱধান থকাটো ভাল। বিদ্যাত তেনে অসুবিধা নাই। কর্মব্যস্তাসকল কম কালত কিবা অশান্তি অনুভৱ। ঘৰুৱাত শুভক সম্পাদন। শৰীৰ সম্পর্কে সচেতন থাকক। আর্থিকত মজলীয়া। শুভ ৰং নীলা, শুভ
সংখ্যা-২।

বৃষ :কর্মাদিত মজলীয়া কোনাে দায়িত্ব পালন কৰি সুখ। বিদ্যাতাে বেয়া নহ’ব। জ্ঞাতি কুটুম্ব চিন্তা থাকিব। বর্তমান পৰিৱেশৰ কথা ভাৰি ফুৰা চকাত নিজে সতর্ক থকক। বন্ধুী সংগত সুখ। শুভ ৰং ৰঙা, শুভ সংখ্যা-৩

মিথুন : পঢ়া-শুনাত মন বঢ়াওক। জ্ঞাতি কুটুম্বৰ লগত সদ্ভাৱ মজলীয়া। বন্ধু-বৰ্গৰ সংগ বা আগমন। ব্যৱসায়ত চিন্তা কম। আর্থিক ব্যয় হলেও প্রয়ােজনীয় কাৰণ থাকিব। শৰীৰ মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা- ৪ ।

ককট :আর্থিক খা-খৰচ বৃদ্ধি। বিভিন্ন পৰিৱেশৰ মাজেৰেও মনটো কোনাে কাৰণে আনন্দিত হ’ব। কিবা পৰিৱৰ্তনৰ নতুনত্ব অনুভৱ। বিদ্যাত যত্ন ৰাখক। অভৱত চিন্তাৰে সময় নষ্ট নকৰিব। সু-সংবাদ।শুভ ৰং বগা, শুভ সংখ্যা- ৭ ।

সিংহ :কর্তব্যত নিজৰ দায়িত্ব পালন কৰিব যদিও কিবা আহুকাল দেখা যায় মনৰ অৱস্থা মধ্যম। কোনাে কাৰণে মনত দুখ আহিব পাৰে। বিদ্যাত বেয়া দেখা নাযায়। প্রেমত দুৰ্ভৱনা থাকিব। শুভ ৰং নীলা, শুভ সংখ্যা-৮।

কন্যা :আইনী সমস্যাৰ সমাধান হ’ব। ঘৰত অশান্তি সৃষ্টি হ’ব পাৰে। বিদ্যাত বৰ ভাল বুলি ক’ব পৰা নাযায়। শুভ ৰং পাতল নীলা। শুভ সংখ্যা-১

তুলা :দিনটোত আর্থিক দিশত আয়-ব্যয় সমান। সন্তানৰ শৰীৰ সম্পন্ধে সচেতন থাকক। কর্মপ্রার্থীয়ে ধৈর্যৰে কাম হাতৰ লােৱা ভাল। শুভ ৰং বগা শুভ সংখ্যা-২ ।

বৃশ্চিক : মাতৃৰ শৰীৰক লৈ চিন্তা হ’ব পাৰে। সামাজিক কিবা কৰাত জড়িত হ’ব পাৰে। বন্ধুবৰ্গৰ পৰা অকৃতিম সহায় লাভ কৰিব। নতুন সংবাদ আশা ।দাম্পত্যত মধ্যম। শুভ ৰং গেৰুৱা। শুভ সংখ্যা-৮

ধনু : স্বাস্থ্য ঠিকেই থাকিব। নিকটাআত্মীয়তাৰ আৰােগ্য লাভ। প্ৰেমত বাধা পত্নীৰ সহযােগ লাভ কৰিব। প্ৰেমত অশান্তি। শুভ ৰং ৰঙা। শুভ সংখ্যা-৩

মকৰ : পাৰিবাৰিক শান্তি অব্যাহত থাকিব। ব্যৱসায়ত ধন বিনিয়ােগ কৰিলে সাৱধান হ’ব। প্ৰেমত ভাল ফল বুলি ক’ব নােৱাৰি। প্রেমত সাৱধান বিশ্বাসঘাতক হ’ব পাৰে। শুভ ৰং নীলা। শুভ সংখ্যা-৯।

কুম্ভ : ওচৰ-চুবুৰীয়াৰ লগত জমি বিবাদ, যােৱাৰ আশংকা আছে। ভ্রমণ নকৰিব। প্ৰেমত অশুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা-১

মীন : কর্মত স্বীকৃতি লাভ আৰু সুনাম বৃদ্ধি। আর্থিকত ভাল। দিনটোত দাম্পত্যত সংঘাত। মাতৃৰ শৰীৰ ভাল নহয়। শুভ ৰং মুগা। শুভ সংখ্যা-৫

Exit mobile version