ধেমাজিত বহাগতে মিছামাৰী নদীৰ বান, খহাই নিলে এম জি এনৰেগাৰ গাইড্‌বান্ধ

WhatsApp Image 2022 04 23 at 6.30.06 PM

বাৰিষা সমাগত । ধেমাজিত বহাগতে আহিল বাৰিষা সদৃশ ঢল । এখন-দুখন কৰি ধুই নিলে কে’বাখনো গাঁও । ধেমাজিত আজিও আধৰুৱা আৰু উন্মুক্ত বিভিন্ন ঠাইত মথাউৰিৰ কাম । ক’ৰবাত যদি জল সম্পদ বিভাগৰ কোটি কোটি টকাৰে মথাউৰি আৰু গাইড্‌বান্ধ নিৰ্মাণ, ক’ৰবাত আকৌ এম জি এনৰেগাৰ অধীনত বালিৰ মথাউৰি নিৰ্মাণ । মুঠৰ ওপৰত নদী নিয়ন্ত্ৰণৰ নামত খিৰতী গাইলৈ পৰিণত শাসনাধিষ্ট চৰকাৰ আৰু প্ৰশাসনৰ ।

ঠিকাদাৰ-বিভাগে মিলি গো-গ্ৰাসে গিলিছে ৰাজভঁড়ালৰ ধন । ইয়াৰ ব্যতিক্ৰম নহয় ধেমাজি জিলাৰ চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত নিলখ পঞ্চায়তৰ ঢলপুৰীয়া মিছামাৰী ৱাৰ্ডৰ মাজত বৈ অহা মিছামাৰী নদী । ঢলপুৰীয়া মিছামাৰী চাপৰি আৰু মাজগাঁৱৰ মাজত বৰ্তমান বৈ যোৱা মিছামাৰী নদীৰ মথাউৰি নিৰ্মাণৰ নামত প্ৰহসনত পৰিণত দুয়োপাৰৰ মথাউৰি ।

তথ্য অনুসৰি, চিচিবৰগাঁও উন্নয়ন খণ্ডৰ অন্তৰ্গত নিলখ পঞ্চায়তৰ মিছামাৰী ৱাৰ্ডত মিছামাৰী নদীৰ দুয়োপাৰৰ মথাউৰি নিয়ন্ত্ৰণৰ নামত এম জি এনৰেগাৰ অধীনত প্ৰায় অনুমোদন হৈছিল প্ৰায় ৩০ লাখ টকাৰ কাম । সামান্য অংশৰ কাম কৰিয়েই সিংহভাগ শৰাধ কৰাৰ চেষ্টা কৰ্তৃপক্ষৰ ।

অৰুণাচল পাহাৰৰ পৰা বৈ অহা খৰস্ৰোতা মিছামাৰী নদী নিয়ন্ত্ৰণৰ নামত এতিয়া দুয়োপাৰে বালিৰ মথাউৰি অংশত পাহাৰত এজাক বৰষুণ পৰিলেই চপৰা-চপৰে খহে মথাউৰি । কেৱল এয়াই নহয়, মিছামাৰী চাপৰি গাঁৱত দীৰ্ঘদিনীয়া বান সমস্যাৰ বিপৰীতে নতুনকৈ বানত ডুব গৈছে মিছামাৰী মাজ গাঁও ।এই ক্ষেত্ৰত পালমৰা পঞ্চায়তৰ আঁচনিৰ পৰিৱৰ্তে ৰাইজে দীৰ্ঘম্যাদী পৰিকল্পনাৰে বান সমস্যা স্থায়ী নিয়ন্ত্ৰণ কৰিবলৈ দাবী কৰিছে ।

Exit mobile version