Kareena Kapoor Khan : কৰিনা কাপুৰ খানৰ বিৰুদ্ধে হিন্দু ধর্মীয় ভাবাবেগত আঘাতৰ অভিযোগ, বয়কটৰ দাবী

KKKKM 1650696901017 1650696907110

এইবাল নেটিজেনৰ ৰোষৰ বলি হ’ল অভিনেত্রী কৰিনা কাপুৰ খান । পান মচলাৰ বিজ্ঞাপন কৰি বিতর্কত সাঙুৰ খাই পৰিছিল অক্ষয় কুমাৰ, এইবাৰ এক গহনা প্রস্তুতকাৰী সংস্থাৰ হৈ প্রচাৰ কৰি প্রশ্নৰ সন্মুখীন হ’ল কৰিনা । মালাবাৰ গ’ল্ডৰ তৰফৰ পৰা এটা বিজ্ঞাপন প্রকাশ্যত অনা হৈছে । দীর্ঘদিন ধৰি এই জুৱেলাৰী ব্রেণ্ডৰ প্রচাৰৰ মুখ কৰিনা । কিন্তু এই বিজ্ঞাপনত কেৱল কপালত ফোট নোলোৱাৰ বাবেই ট্র’ল হ’বলগীয়া হয় কৰিনাই ।

বিজ্ঞাপনত গোলপীয়া ৰঙৰ লেহেংগা পৰিধান কৰিছে কৰিনাই । ডিঙিত হিৰাৰ নেকলেছ, কানত কানফুলি, কপালত মাংগ টিকা । কিন্তু কৰিনাৰ এই সাজ-সজ্জা অনৰ্থক নেটিজেনৰ এটা অংশৰ বাবে ‌। বিবাহিত হিন্দু মহিলাৰ কপালত ফোট নথকাটো অপসংস্কৃতি, এই দাবী কৰি সংস্থাটোৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে অনেকে । শুকুৰবাৰৰ পৰা #BoycottKareenaKapoorKhan এই হেছটেগ ট্ৰেণ্ডত আছে ।

এজনে লিখিছে, ‘ফোট অবিহনে অক্ষয় তৃতীয়াৰ বিজ্ঞাপন ! তেওঁলোকৰ হিন্দি সংস্কৃতিক লৈও কোনো ধাৰণা নাই নেকি ?’ আন এজনে লিখে, ‘হিন্দুসকলৰ বাবে ফোট কেৱল এটা ৰঙা বিন্দু নহয়, যদি মালাবাৰ গ’ল্ডৰ দৰে সংস্থাই ইচ্ছাকৃতভাৱে সেইটো বুজিব নিবিচাৰে তেনেহ’লে হিন্দুসকলে তেওঁলোকৰ পৰ মুখ ঘূৰাই লোৱা উচিত’ ।

বিগত বৰ্ষত অপৰ গহনা প্রস্তুতকাৰী সংস্থা ‘তানিছকে’ বিতর্কৰ সন্মুখীন হ’বলগীয়া হৈছিল । অভিযোগ উঠিছিল ‘লাভ জেহাদ’-ত উচতনি দিছে এই সংস্থাৰ বিজ্ঞাপনে । পৰৱর্তী সময়ত এই বিজ্ঞাপন তুলি লয় তানিছকে । কৰিনাৰ এই বিতর্কিত বিজ্ঞাপনক লৈ এতিয়াও মুখ খোলা নাই মালাবাৰ গ’ল্ডে, অভিনেত্রীয়েও এই বিতর্কক লৈ কোনো প্রতিক্রিয়া প্ৰকাশ কৰা নাই ।

Exit mobile version