দৈনন্দিন ২০ হেজাৰ কোটিৰ ডিজিটেল লেনদেন হৈছে দেশত, ‘মন কি বাত’ত কেছলেছ ভাৰতত জোৰ প্ৰধানমন্ত্ৰীৰ

PTI09 03 2021 000085B 0 1630691680953 1630739078395

গতানুগতিক মাহৰ শেষ দেওবাৰে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ (Narendra Modi) ‘মন কি বাত’ অনুষ্ঠান অনুষ্ঠিত হ’ল । আৰম্ভণিতেই ডিজিটেল লেনদেনৰ উপকাৰিতাক লৈ আলোচনা কৰিছে । প্ৰধানমন্ত্ৰী মোদীয়ে জনাইছে, প্রতিদিনে দেশত প্রায় ২০ হেজাৰ কোটি টকাৰ লেনদেন হয় ডিজিটেল মাধ্যমত । প্রধানমন্ত্রী সংগ্রহালয়কলৈও তেওঁ বক্তব্য দিয়ে । ইয়াৰ উপৰি টকিঅ’ পেৰালিম্পিকত ভাৰতীয়সকলৰ সাফল্যৰ কথাও শুনিবলৈ পোৱা যায় তেওঁৰ মুখত । পানী সংৰক্ষণ প্রক্রিয়াক লৈও তেওঁ বক্তৃতা প্ৰদান কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয়, দেশৰ প্রথম প্রধানমন্ত্রী জৱাহৰলাল নেহেৰুৰ পৰা আৰম্ভ কৰি অটল বিহাৰী বাজপেয়ী পর্যন্ত সকলোৰে তথ্য ৰখা হৈছে প্রধানমন্ত্রী সংগ্রহালয়ত । তেওঁ জনাইছে, যোৱা মার্চত দেশজুৰি ১০ লাখ কোটি টকাৰ ডিজিটেল লেনদেন হৈছে । সকলো দেশবাসীয়ে ডিজিটেল মাধ্যমত লেনদেন কৰা উচিত । প্রসংগত, আজিৰ পৰাই দিল্লীৰ ৰাজঘাট অর্থাৎ মহাত্মা গান্ধীৰ সমাধিস্থলত মন কি বাত (Mann Ki Baat) অনুষ্ঠানটোৰ প্ৰত্যক্ষ সম্প্রচাৰ আৰম্ভ হ’ল বুলি জনাইছে কর্তৃপক্ষৰ তৰফৰ পৰা ।

দেশজুৰি পালন কৰা হৈছে ‘আজাদি কি অমৃত মহোৎসৱ’ । পানী সংৰক্ষণৰ বাবে দেশৰ প্রতিটো জিলাত ৭৫টাকৈ ‘অমৃত সৰোবৰ’ তৈয়াৰ কৰিব লাগিব বুলি জনাইছে প্রধানমন্ত্রীয়ে । মধ্যপ্রদেশৰ ভিল উপজাতিৰ মানুহে কেনেদৰে তেওঁলোকৰ সনাতনী পদ্ধতিত পানী সংৰক্ষণ কৰে তাৰ উদাহৰণো দিছে প্রধানমন্ত্রীয়ে । ৰামায়ণ, হৰপ্পা সভ্যতাৰো উদাহৰণ দাঙি ধৰি কয়, পানী সংৰক্ষণ কৰা অত্যন্ত জৰুৰী ।

যথাযথ প্রযুক্তিৰ সহায় ল’লে দেশৰ সর্বাংগীন উন্নতি হ’ব, মত প্ৰধানমন্ত্ৰী মোদীৰ । তেওঁ কয়, “আমাৰ বিশেষভাৱে সক্ষম বন্ধুসকলে বিভিন্ন ক্ষেত্রত অবদান আগবঢ়াইছে । টকিঅ’ পেৰালিম্পিকত আমাৰ ভাতৃ-ভগ্নীসকলে দেখুৱাই দিছে, তেওঁলোকে কি কৰিব পাৰে ।”

Exit mobile version