COVID-19 : ক’ভিড আপডেট

srinagar 1645363141

বৃহস্পতিবাৰে দেশত কৰ’না আক্রান্ত হৈছিল দুহেজাৰ ৩৮০ জন । শুকুৰবাৰে আৰু দুহেজাৰ ৪৫১ । শনিবাৰে দুহেজাৰ ৫২৭ । দেওবাৰে পুৱা আঠ বজাৰ গণনা অনুযায়ী বিগত ২৪ ঘণ্টাত ভাৰতত দুহেজাৰ ৫৯৩ জন কৰ’নাচ আক্রান্ত হৈছে । পৰিসংখ্যা অনুযায়ী, প্রতি ২৪ ঘণ্টাত দৈনিক সংক্রমণ আগৰ দিনৰ তুলনাত ৬০-৭০ জনকৈ বৃদ্ধি পাইছে ।

কোনো কোনো দিনাখন এই বৃদ্ধি তিনিশ অথবা আঠশ পৰ্যন্ত হয় । প্রতিদিনে এই ৭০ জন বৃদ্ধি থাকেই । বিশেষজ্ঞসকলৰ শংকা এইদৰে একেই হাৰত সংক্রমণ বাঢ়ি থাকিলে দেশত চতুর্থ স্ফীতিক লৈ উদ্বেগ বাঢ়িব ।

কেন্দ্রীয় স্বাস্থ্যমন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী শনিবাৰৰ তুলনাত দেশত সক্রিয় ৰোগীৰ সংখ্যা বিগত ২৪ ঘণ্টাত প্রায় আঠশজন বাঢ়িছে । সম্প্ৰতি ১৫ হেজাৰ ৮৭৩ জন সক্রিয় ৰোগী আছে দেশত । যোৱা ২৪ ঘণ্টাত ৪৪ জনৰ মৃত্যু হৈছে বুলি কেন্দ্র‌ই জনালেও ইয়াৰ ভিতৰত কেৰালাৰেই অনথিভুক্ত মৃত্যুসহ ৩৮ জন ।

ইয়াৰ উপৰি দিল্লীত দুজন আৰু মহাৰাষ্ট্র, উত্তৰ প্রদেশ, ঝাড়খণ্ড আৰু পশ্চিমবংগত এজনকৈ মৃত্যু হৈছে কৰ’নাত ।

দিল্লীত সংক্রমণ বৃদ্ধি অব্যাহত আছে । বিগত ২৪ ঘণ্টাত ৰাজধানীত এহেজাৰ ৯৪ জন কৰ’না আক্রান্ত হৈছে । হৰিয়ানাত সংক্রমিত হৈছে ৩৩৪ জন । কেৰালাত তিনিশ, উত্তৰ প্রদেশত ২২৫, মহাৰাষ্ট্রত ১৯৪, কর্নাটকত ১৩৯ জন কৰ’নাত আক্রান্ত হৈছে এদিনত । পশ্চিমবংগত দৈনিক সংক্রমণৰ সংখ্যা ৩১ ।

Exit mobile version