COVID Guidelines in Uttar Pradesh : শিক্ষাৰ্থীৰ বাবে নতুন ক’ভিড বিধি উত্তৰ প্রদেশ চৰকাৰৰ

h4pqjzwwrvxaitqo 1629377842 1642322279

এফালে দেশৰ বহু ৰাজ্যত বৃদ্ধি পাই আছে ক’ভিড সংক্রমণ, আনফালে স্কুল-কলেজ খোলাৰ অনুমতি দিছে বহু ৰাজ্য চৰকাৰে । স্কুলৰ শিক্ষাৰ্থীসকলক ক’ভিডৰ পৰা ৰক্ষা কৰিবলৈ উত্তৰ প্রদেশ চৰকাৰে ক’ভিড নীতি-নিয়ম মানি চলাৰ নির্দেশ দিছে ।

বিধিনিষেধ অনুসৰি, স্কুলৰ ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰী, কর্মচাৰীসকলে মাস্ক পৰিধান কৰা অপৰিহাৰ্য । স্কুলৰ প্রৱেশদ্বাৰত হাত ধোৱা আৰু ছেনিটাইজেছনৰ ব্যৱস্থা ৰখা হ’ব । নয়ডা, গাজিয়াবাদ, বাঘপত, মেৰঠ, লক্ষ্ণৌ, হাপুৰ আৰু বুলন্দচহৰ অঞ্চলত বিশেষকৈ সতর্কতা জাৰি কৰা হৈছে ।

আনকি দিল্লীতো একেই ধৰণৰ ক’ভিড বিধি আৰম্ভ কৰা হৈছে । স্কুলত প্ৰৱেশ কৰাৰ আগতে সকলোৰে শৰীৰৰ তাপমাত্রা পৰীক্ষা কৰা হ’ব । স্কুলৰ বিভিন্ন প্রান্তত ছেনিটাইজাৰ ৰখাৰ ব্যৱস্থাও কৰা হৈছে ।

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বুধবাৰে ৰাজ্যৰ মুখ্যমন্ত্রীসকলৰ স’তে ভিডিঅ’ কনফাৰেন্সত দেশজুৰি ক’ভিড স্ফীতিৰ বিষয়ে আলোচনা কৰিছে ।

Exit mobile version