Florida Governor : ডিজনিৰ বিশেষ ক্ষমতা বাতিল কৰিলে ফ্লৰিডাৰ ৰাজ্যপালে

paris

বহু দশক ধৰি আমেৰিকাৰ ফ্লৰিডা প্রদেশৰ অৰলেণ্ডোত বিশেষ প্রাদেশিক চৰকাৰৰ মর্যাদা পাই আহিছে বিনোদন সংস্থা ডিজনিয়ে । সম্প্রতি ফ্লৰিডাৰ প্রশাসনৰ স’তে সংঘাত হয় বিনোদন সংস্থাটোৰ । ইয়াৰ পাছতেই ডিজনিৰ সেই বিশেষ ক্ষমতা বাতিল কৰাৰ সিদ্ধান্ত লয় ফ্লৰিডাৰ ৰিপাব্লিকান ৰাজ্যপাল ৰন ডিছেন্টিছে ।

যোৱা মার্চত শিশুৰ পাঠ্যক্রমৰ পৰা যৌন ৰুচি সংক্রান্ত এটা অধ্যায় বাদ দিয়াৰ সিদ্ধান্ত লয় ফ্লৰিডা চৰকাৰে । ডিজনিয়ে এই সিদ্ধান্তৰ বিৰোধিতা কৰিছিল । সেই সময়তেই সংস্থাটোৰ বিৰুদ্ধে বহু কথা ক’বলৈ আৰম্ভ কৰে । ডিজনিৰ চিইঅ’ বব চেপেকে জনায়, এনেদৰে সমালোচনা চলিলে তেওঁলোকে ফ্লৰিডা প্রদেশৰ ৰাজনীতিকসকলক অনুদান দিয়া বন্ধ কৰি দিব । ইয়াৰ পাছতেই ডিজনিৰ বিশেষ মর্যাদা বাতিলৰ সিদ্ধান্ত লয় ফ্লৰিডাৰ স্থানীয় প্রশাসনে । এই ক্ষেত্রত আগন্তুক বছৰৰ জুনৰ পৰা আৰু বিশেষ প্রাদেশিক চৰকাৰৰ ক্ষমতা নাথাকিব ডিজনিৰ ।

১৯৬৭ত ফ্লৰিডাৰ তৎকালীন কংগ্রেছ অৰলেণ্ডোত ডিজনিৰ থিম পার্ক তৈয়াৰৰ বাবে ‘দ্য ৰিডি ক্রিক ইমপ্রুভমেন্ট ডিষ্ট্রিক্ট’ তৈয়াৰ কৰিছিল । ১০০ বর্গ কিলোমিটাৰৰ সেই ভূমিত পৰে দুটা কাউন্টি । অৰেঞ্জ আৰু অচিঅ’লা । এই দুই কাউন্টিত ইমান দিন ধৰি স্থানীয় চৰকাৰৰ যাৱতীয় দায়িত্ব পালন কৰি আহিছে ডিজনিয়ে । সেই ঠাইৰ বাসিন্দাসকলে ডিজনিক কৰ দিয়ে আৰু ডিজনিয়ে পানী সৰবৰাহৰ পৰা আৰম্ভ কৰি নিকাশন ব্যৱস্থাৰ দৰে সেৱাৰ পৰিচালনা কৰি আহিছে । বিশেষ ক্ষমতা বাতিল হ’লে এই দুই কাউন্টিৰ ভূমিৰ মালিকীস্বত্বক লৈ নতুন জটিলতা সৃষ্টি হ’ব ।

Exit mobile version