ডেহৰাদুনত অসম ছাত্ৰ পৰিষদৰ গোট গঠন

মুখ্য অথিথি অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা

WhatsApp Image 2022 04 25 at 8.01.13 PM

অসম ছাত্ৰ পৰিষদৰ এক শাখাস্বৰূপে ইতিমধ্যে ডেহৰাদুনত অসম ছাত্ৰ পৰিষদৰ এটা গোট গঠন কৰা হৈছে । নিশ্চয়কৈ এয়া অসমৰ জাতীয় জীৱনত এক বিশেষ দৃষ্টান্ত ।

ADVERTISEMENT

ইয়াৰ উপৰি ডেহৰাদুনৰ ৰামাডা হোটেলত অসম ছাত্ৰ পৰিষদৰ বিষয়ববীয়াসকলৰ স’তে মত-বিনিময় অনুষ্ঠানৰ সহিতে North East Spring Fest আয়োজন কৰা হয় ।

উক্ত অনুষ্ঠানত আমন্ত্ৰণক্ৰমে মুখ্য অথিথিৰূপে অসম ছাত্ৰ পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱাই আসন অলংকৃত কৰে । সভাপতিৰ স’তে উপস্থিত থাকে অসম ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক তথা সম্পাদক ক্ৰমে মুকুট দাস আৰু আৰ্শীষ জ্যোতি পৰাশৰ ।

ডেহৰাদুন ছাত্ৰ পৰিষদৰ সকলো ছাত্ৰ-ছাত্ৰী বিষয়ববীয়াসকলৰ স’তে মত বিনিময়ৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে উত্তৰ-পূৱৰ বহুসংখ্যক ডেহৰাদুনৰ ছাত্ৰ এছ’চিয়েছনৰ সদস্যই সাক্ষাৎ কৰে ।

Exit mobile version