দিনটোৰ ৰাশিফল

efc207338609992b93ca0d0fb55d2993 original

মেষ : পঢ়া-শুনাত বেমেজালিৰ সৃষ্টি হ’ব। যাত্রা কৰােতে সাৱধান হ’ব। সন্তানৰ স্বাস্থ্য লৈ চিন্তিত। কমলা ৰঙৰ বস্ত্র পৰিধান কৰিব। শুভ ৰং কমলা! শুভ সংখ্যা-৩।

বৃষ : সামাজিক সুনাম হানি হােৱাৰ আশংকা। ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত কোনাে লােকে বিশ্বাসঘাতকতা কৰিব পাৰে। প্ৰেমত নতুন প্রস্তাৱ আহিব পাৰে। বিদ্যাত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা-২।

মিথুন :সাংস্কৃতিক কামত জড়িতসকল উপকৃত হব। ব্যৱসায়-বাণিজ্যত নতুন প্রেৰণা লাভ কৰিব । বিদ্যাত জটিলতা দেখা দিব। সৰু-সুৰা ভ্রমণ আছে শুভ ৰং বগা, শুভ সংখ্যা-১।

কর্কট :আর্থিকত বিশেষ অসুবিধা দেখা নাযায়। প্রাপ্য ধন আদায় কৰিব পাৰিব। কর্মত সাফল্য আৰু মর্যাদা বৃদ্ধি পাব। প্রেমত বাধা। শুভ ৰং কমলা, শুভ সংখ্যা-৫।

সিংহ :যান-বাহনৰ ব্যৱসায় কৰা সকলৰ অৰ্থ লাভৰ যােগ। পাৰিবাৰিক শুভ প্রিয়জনৰ সান্নিধ্যই উপকৃত কৰিব। বিদ্যাত থকা জটিলতা দূৰ হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা-২।

কন্যা : পাৰিবাৰিক দিশত কোনাে শুভ কার্য সম্পন্ন হােৱা সম্ভাৱনা আছে। ব্যৱসায়ত বেয়া দেখা নাযায়। বেচৰকাৰী চাকৰিয়াল সকলে কর্মক্ষেত্ৰত বাধা পাব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা-৭।

তুলা : ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। পুৱা যাত্রা কৰিব পাৰে। আপােনাৰ শুভ ৰং সেউজীয়া। সহযােগী বন্ধুৰ পৰা আনন্দ পাব। শুভ ৰং বগা, শুভ সংখ্যা-৭।

বৃশ্চিক : অংশীদাৰী ব্যৱসায়ত উপকৃত হ’ব। স্বামী-স্ত্রীৰ মাজত মতানৈক্য যান-বাহনৰ দ্বাৰা আঘাত পাব পাৰে। গতিকে চাই-ছিতি যাত্রা কৰিব। শুভ ৰং গােলপীয়া, সংখ্য-৪।

ধনু:বন্ধুবৰ্গৰ লগত সু-সম্পর্ক স্থাপন। ব্যৱসায়ত আয় বৃদ্ধিৰ কাৰকতা। ৰঙা ৰঙৰ ৰুমাল ব্যৱহাৰ কৰিব। পুৱাৰ ভাগত কৰা যাত্রা শুভ হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা-৮ ।

মকৰ : এই সময়ত লেন-দেনৰ কামত জড়িত নথকাই ভাল। কৰ্মচাৰীসকলৰ বাবে বিশেষ শুভ। বিদ্যাত যােগ বাঢ়িব। প্রেমত সমস্যাৰ সন্মুখীন হ’ব। শুভ ৰং ৰঙা, শুভ সংখ্যা-৬ ।

কুম্ভ :ভাই-ভনীৰ পৰা সমাদৰ পাব। দিনটোত ধন কষ্ট পাব পাৰে। প্রেম সতর্ক হওক। পুৰণা ব্যাধিয়ে কিছু কষ্ট দিব। বিদ্যাত বাধা। শুভ ৰং ৰঙা । শুভ সংখ্যা-৬।

মীন : ধনাগম বৃদ্ধি পাব। বগা ৰঙৰ বস্ত্র পৰিধান কৰিলে দিনটো শুভ হ’ব। যাত্ৰাৰ বাবে শুভ। ৰাতি নিৰামিষ আহাৰ গ্ৰহণ কৰিব। শুভ ৰং বগা, শুভ সংখ্যা-ত।

Exit mobile version