মৃতদেহৰ স্তূপৰ মাজেৰে ১২৫ কিলোমিটাৰ খোজকাঢ়িলে চাৰি শিশুসহ মাৰিয়ুপ’লৰ পৰিয়ালে

pjimage 2022 04 23T125614.020

প্রাণৰ মায়া, সন্তানৰ মমতাই মানুহক বহু অসাধ্য সাধন কৰিবলৈ সাহায্য কৰে। তেনে এক কার্যই কৰি দেখুৱালে যুদ্ধবিধ্বস্ত ইউক্রেইনৰ এক দম্পতীয়ে। নিজৰ চাৰি সন্তানৰ প্ৰাণৰক্ষা আৰু ভৱিষ্যতৰ কথা চিন্তা কৰিয়েই এসপ্তাহ ধৰি ১২৫ কিলােমিটাৰ খােজকাঢ়িলে এই দম্পতীয়ে।

লগত আছিল ১২ পৰা ছবছৰ বয়সৰ চাৰি শিশু সন্তান। নিজৰ চাৰি সন্তানক কিদৰে সুৰক্ষিত ভৱিষ্যৎ দিব পাৰে, সে চিন্তাতে নিদ্রা হৰিছিল এই ইউক্রেনীয় দম্পতীৰ। এফালে প্রিয় চহৰ মাৰিয়ুপ’ল ৰুছ আক্ৰমণত প্রতিদিনেই ছিন্নবিচ্ছিন্ন হৈ আছে।

ইয়াৰ মাজতে নিজৰ এপার্টমেন্ট বাংকাৰত বহি য়েভগেন টিছচেংক’ আৰু তেওঁৰ পত্নী টাটিয়ানাই চিন্তা কৰিছিল কিদৰে এই মৃত্যুপুৰীৰ পৰা জীৱন্তে ওলাই চাৰি সন্তানক লৈ কোনাে দূৰ প্ৰান্তলৈ যাব পৰা যায়।

ইউক্রেইনত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হােৱাৰ লগে লগেই নিজক বাংকাৰত বন্দী কৰিছিল টিছচেংক’ পৰিয়ালে। কেৱল আহাৰ যােগাৰ কৰাৰ বাবেহে বাংকাৰৰ বাহিৰলৈ ওলাইছিল। বিগত দুমাহত মাৰিয়ুপ’লৰ ৰাস্তাত মৃতদেহ সিঁচৰতি হৈ পৰি থকা প্রত্যক্ষ কৰাটো তেওঁলােকৰ প্রায় অভ্যাসত পৰিণত হৈছিল।

অৱশ্যে এসপ্তাহৰ পূর্বে তেওঁলােকে স্থিৰ কৰিলে যে মাৰিয়ুপ’লত থকাটো আৰু সম্ভৱ নহয়। দেশৰ পশ্চিম প্রান্ত কোনাে চহৰলৈ গুচি যাব লাগিব গােটেই পৰিয়ালটো। অথচ যাব কেনেকৈ ? কিয়নাে কোনাে পৰিবহণৰ ব্যৱস্থা নাছিল। একমাত্র খােজকাঢ়ি যােৱাই বিকল্প আছিল।

মাতৃ টাটিয়ানাই ১২ৰ পৰা বছৰ বয়সৰ চাৰি সন্তানক সেই বিষয়ে বুজনি দিয়ে। টাটিয়ানাই কয়, ‘সিহঁতে ইয়াক এডভেঞ্চাৰ বুলি ভাবিছিল। সেয়ে খােজকাঢ়ি যাবলৈ ৰাজি হয়। অৱশ্যে বাংকাৰৰ পৰা প্ৰথমবাৰ ওলাই ৰাস্তাত খােজকাঢ়ি যােৱা অৱস্থাত মৃতদেহৰ স্থূপ দেখি সিহঁত স্তব্ধ হৈ পৰিছিল।’

ইয়াৰ লগতে টাটিয়ানাই কয়, ‘ভােকত মৰাতকৈ বােমাত মৰি যােৱাই ভাল। মাৰিয়ুপ’লত এতিয়া আৰু খুদকণ এটাও নােহােৱা হৈছে। সেই আমি চহৰ এৰাৰ কোনাে বিকল্প নাছিল।’ যােৱা ১৭ এপ্রিলৰ কাহিলিপুৱাতে সমগ্ৰ সংসাৰখন পিঠিত বান্ধি অনিশ্চিত পৰিস্থিতিকে সাৰােগত কৰি ৰাস্তাত খােজ দিছিল ছজনীয়া পৰিয়ালটোৱে।

য়েভগেনে এখন ভগ্নপ্রায় ট্রলী যােগাৰ কৰিছিল। তাত মালবস্তুবােৰ তুলি লয়। একেবাৰে কনিষ্ঠা কন্যাক নিজৰ খেলনা তিনিচুকীয়া চাইকেলত বহুৱাই লৈছিল। গােটেই পথছােৱাত ট্ৰলী ঠেলিছিল য়েভগেনে আৰু টাটিয়ানাই ঠেলি নিছিল চাইকেলখন। একেৰাহে পাঁচ দিন চাৰি নিশা খােজকাঢ়ি ১২৫ কিলােমিটাৰ দূৰত্বৰ পথ অতিক্রম কৰে পৰিয়ালটোৱে।

মাজত নিশা কোনাে বাসগৃহত কটাইছিল। তাত প্ৰতিটো পৰিয়ালে ভালদৰে খাবলৈ দিছিল বুলি জানিবলৈ দিয়ে য়েভগেনে। শনিবাৰে পৰিয়ালটোৱে আহি ইউক্রেইনৰ আন এখন চহৰ জাপ’ৰিঝিয়াত উপস্থিত হয়। ১২৫ কিলােমিটাৰ খােজকঢ়াৰ পাছত এজন শস্য বিক্রেতাই নিজৰ ট্রেলাৰত তুলি পৰিয়ালটোক জাপ’ৰিঝিয়ালৈ নিয়ে।

তাৰ পৰা ৰেলৰ ভিৰত ঠেলা-হেঁচা কৰি তেওঁলােক লিভিবত উপস্থিত হয়। অৱশ্যে লিভিভত স্থায়ীভাৱে নাথাকে বুলি য়েভগেনে জনাইছে। তেওঁলােকে ইভান’-প্রাংকিভিস্ক চহৰলৈ যাব বিচাৰে। ৩৭ বছৰীয়া য়েভগেনে কয় যে সেই চহৰত উপস্থিত হৈ তেওঁৰ প্ৰথম কাম হ’ব এটা চাকৰি যােগাৰ কৰা। সম্প্রতি পত্নীয়ে চাৰি সন্তানক চোৱা-চিতা কৰিব।

সিহঁতক কোনাে ভাল স্কুলত ভৰ্তি কৰাব বিচাৰে টিছচেংক’ দম্পতীয়ে। ৰুছ বাহিনীয়ে তেওঁলােকক বাধা দিয়া নাছিল নেকি বুলি লিভিভত এক সাংবাদিকে সুধিছিল। ইয়াৰ উত্তৰত য়েভগেনে কয় যে তেওঁলােক অসংখ্য ৰুছ তালাচী চকী পাৰ হ’বলগীয়া হৈছিল।

অৱশ্যে ৰুছ সেনাই তেওঁলােকক সহযােগিতাই কৰিছে। য়েভগেনে কয়,’ সকলােৰে প্ৰশ্ন আছিল এটাই। মাৰিয়ুপ’লৰ পৰা আহিছা?তােমালােকে ৰাছিয়াৰ কোনােবা এখন চহৰলৈ গুচি যােৱা। ইউক্রেইনতনাে আৰু কিয় থাকা?’ অৱশ্যে য়েভগেনে জনাইছে যে প্রাণৰক্ষাৰ বাবে প্ৰাণৰ চহৰ এৰিছে, কিন্তু কোনােপধ্যেই দেশত্যাগ নকৰে।

তেওঁলােকৰ চাৰি সন্তানক ইউক্রেইনৰ মাটিতে মানুহ কৰিব। সেই সপােনেই পুহি ৰাখিছে টিছচেংক’ দম্পতীয়ে।

Exit mobile version