Afghanistan: দেশৰ যুৱ সমাজক ভুল পথত পৰিচালিত কৰিছে ! এইবাৰ টিকটক আৰু পাবজি নিষিদ্ধ আফগানিস্তানত

TikTok PUBG

চিনেমা ,গান, টেলিভিছনৰ ধাৰাবাহিক এই সকলো আগতেই নিষিদ্ধ হৈছিল। এইবাৰ মোবাইলৰ টিকটক আৰু পাবজিৰ দৰে এপ্ নিষিদ্ধ ঘোষণা কৰিলে আফগানিস্তানৰ তালিবান চৰকাৰে । তেওঁলোকে দাবী কৰে যে এনে এপবোৰে দেশৰ যুৱসকলক ভুল পথত পৰিচালিত কৰিছে।

বৃহস্পতিবাৰে দুয়োটা এপ নিষিদ্ধ কৰাৰ সিদ্ধান্ত তেওঁলোকৰ কেবিনেটত লোৱা হৈছিল। সংবাদ সংস্থাৰ সূত্ৰ অনুসৰি, টেলিকম মন্ত্ৰালয়ে কয় মনোৰঞ্জনৰ নামত কোনো “অনৈতিক বিষয়” প্ৰচাৰ কৰিব নোৱাৰি। যদিও, তালিবান শাসনৰ বাতৰি আৰু ধৰ্মীয় বিষয়ৰ বাহিৰে, দূৰদৰ্শনত আন একো দেখুওৱা হোৱা নাই।

ইণ্টাৰনেটৰ ব্যৱহাৰৰ ওপৰতো আছে বিভিন্ন নিষেধাজ্ঞা । তিনি কোটি ৮০লাখৰ এই দেশত, মাত্ৰ ৯০লাখ লোকে ইণ্টাৰনেট ব্যৱহাৰ কৰে। ফেচবুকৰ দৰে সামাজিক মাধ্যম ইয়াত জনপ্ৰিয়।

অৱশ্যে, মাত্ৰ ৪০ লাখ লোকেহে ফেচবুক ব্যৱহাৰ কৰে। এক আন্তৰ্জাতিক অধ্যয়নৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, তালিবান শাসনৰ অধীনত আফগানিস্তানত সৰ্বাধিক সংখ্যক লোক সংকটত আছে। ২০০৫ চনৰ পৰা সংস্থাটোয়ে এই অধ্যয়নটো চলাই আহিছে ।

Exit mobile version