Emmanuel Macron : ফ্ৰান্সৰ ইতিহাসত একেৰাহে দু’বাৰ একেজনে ৰাষ্ট্ৰপতি

1650868597 macron

জনপ্ৰিয়তা হ্ৰাস হোৱা স্বত্বেও,নিজৰ চকী বচাই ৰাখিলে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’নে । ইয়াৰ লগতে ৰাষ্ট্ৰপতি পদত দুবাৰকৈ জয়ী হ’ল মেক্ৰ’ন। যি আধুনিক ফ্ৰান্সৰ ইতিহাসত এইয়ে প্ৰথম ।

মেক্ৰ’নে দেওবাৰে তেওঁৰ প্ৰতিদ্বন্দী তথা অতি দক্ষিণপন্থী মেৰিন লে পেনক পৰাস্ত কৰে। অৱশ্যে ভোটৰ শতাংশৰ ক্ষেত্ৰত, লে পেনে আশানুৰূপ যুজঁ দিব নোৱাৰিলে । মেক্ৰ’নে লাভ কৰিছে ৫৮.২ শতাংশ । ইয়াৰ তুলনাত,লে পেনৰ ৪১.৮ শতাংশ

নিৰ্বাচনৰ আগতে লে পেনৰ বিৰুদ্ধে আগবাঢ়ি আছিল মেক্ৰ’ন ।অধিকাংশ জনমত সমীক্ষাই সেইটোই ইংগিত দিছিল। অৱশ্যে, লে পেনৰ সমৰ্থকসকলে অনুমান কৰিছিল যে মেক্ৰ’নে ভোটবাকচত কঠিন যুঁজ দিব। কিন্তু সেয়া নহ’ল।

অৱশ্যে, ভোটদানৰ শতাংশৰ পৰিসংখ্যা অনুসৰি ফ্ৰান্সৰ ৰাষ্ট্ৰপতিৰ জনপ্ৰিয়তা যোৱাবাৰৰ তুলনাত হ্ৰাস পাইছে। যোৱাবাৰ তেওঁৰ ৬৬.১ শতাংশ আছিল। আনহাতে, ৩৩.৯ শতাংশ ভোট নাপালে পেনে ।

এই জয়ৰ পাছত মেক্ৰ’নক অভিনন্দন জনাইছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সোমবাৰে টুইট কৰি তেওঁ কয়, “ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হিচাপে পুনৰ নিৰ্বাচিত হোৱাৰ বাবে অভিনন্দন!” মোদীয়ে লগতে আশা ব্যক্ত কৰে যে দুয়োখন দেশৰ মাজত ভাৰত আৰু ফ্ৰান্সৰ মাজত কৌশলগত সহযোগিতা অধিক শক্তিশালী হ’ব।

Exit mobile version