দিনটোৰ ৰাশিফল

efc207338609992b93ca0d0fb55d2993 original

মেষঃ আনৰ লগত তুলনা কৰাটো আপুনি ভাল নাপাব । নিজৰ ভাবমূৰ্তিৰ প্ৰতি আপোনাৰ থকা দৃঢ়তা ৰক্ষা কৰিব পাৰিব । বিয়া-বাৰুৰ কথা বতৰাত আগুৱাব পাৰে । প্ৰেম-প্ৰীতিত অনুকূল । শুভ ৰং বগা, শুভ সংখ্যা ২ ।

বৃষঃ কিছু সন্দেহ আৰু কষ্টেৰে আজি পাৰ কৰিব দিলে খুব আহুকালত পৰিব নালাগিব । শৰীৰ মধ্যম । মূল কথাত মন দিয়ক । কিছু হ’লেও কৃতকাৰ্য হ’ব‌ই । ভ্ৰমণৰ সম্ভাৱনা আছে । শুভ ৰং নীলা, শুভ সংখ্যা ৪ ।

মিথুনঃ ক্ৰমে দিনটো ভাল যদিও আবেলি সময়ৰ পৰা অলপ উদ্বেগ অশান্তি দেখা যায় । শৰীৰ মধ্যম, যত্ন কৰক । শুভ ৰং সেউজীয়া । শুভ সংখ্যা ৬ ।

কৰ্কটঃ মন ফৰকাল নাথাকিব । কৰ্মক্ষেত্ৰত অৱশ্যে কিছু দায়িত্ব পৰিব‌ও পাৰে । ঘৰুৱা কথাত সামান্য উদাসীনতা । শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৩ ।

সিংহঃ কোনো স্বভাৱগত তেজস্বিতা কাৰো আগত নেদেখুৱাব । ইয়াক কৰ্মৰ মাজতে ব্যৱহাৰ কৰক । পিতৃ-মাতৃৰ বাবে সামান্য চিন্তা ‌। দাম্পত্যতো কিন্তু চিন্তা থাকিব । বাধা দুই-এটা আছে । শুভ ৰং ৰঙা, শুভ সংখ্যা ১ ।

কন্যাঃ কৰ্মতৎপৰতা বৃদ্ধি পাব । তাৰ পৰা নতুন কৰ্মচাৰীয়ে প্ৰশংসিত হ’ব । আৰ্থিকত খুব বেয়া নহ’ব আজিৰ দিনটোত । দাম্পত্যত চিন্তা, সন্তানৰ চিন্তা আঁত বিচাৰি নাপাব । বিদ্যাত উন্নতি । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮ ।

তুলাঃ কোনো কামৰ বাবে চুক্তিবদ্ধ হ’ব পাৰে অথবা নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ ‌। শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব । কিন্তু নতুন এটা কৰি দেখুৱাৰো আছে । শুভ ৰং বগা, শুভ সংখ্যা ৫ ।

বৃশ্চিকঃ কাৰ্যকৰী সংযোগত অনুকূল আৰ্থিকতে আশাপ্ৰদ । কিন্তু সাময়িক উৎকণ্ঠা থাকিব । মনোবল বঢ়াওক । গৃহৰ স্বাৰ্থত কিছুমান এৰা ধৰা কৰিব । পঢ়াত মধ্যম । হঠাৎ কোনো সমস্যাৰ সন্মুখীন হ’লেও দুশ্চিন্তা নানিব । শুভ ৰং মটিয়া, শুভ সংখ্যা ৯ ।

ধনুঃ আৰ্থিকৰ বাবে কৰা চেষ্টাত কিছু সুফল দেখিব । আনহাতে বুজন পৰিমাণৰ খৰচৰ বাবেও প্ৰস্তুত থকাটো ভাল । শুভ ৰং ৰঙা, শুভ সংখ্যা ২ ।

মকৰঃ উৎকণ্ঠাৰে কটাব লগা হ’ব পাৰে । কৰ্মতো মন চঞ্চল হ’ব পাৰে । কোনো খবৰত বৰ সুখী নহ’ব পাৰে । শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৬ ।

কুম্ভঃ পিছবেলা কোনো ক্ষেত্ৰত নিৰাশ হ’ব পাৰে । অৱশ্যে আগবেলা তাৰ কিছু ওলোটা ফল দেখিব । প্ৰয়োজনীয় ক্ষেত্ৰত সেয়ে সাৱধানে চলক । দাম্পত্যত মধ্যম । শুভ ৰং সোণালী, শুভ সংখ্যা ৩ ।

মীনঃ কৰ্মস্থানত আৰু পাৰিবাৰিক ক্ষেত্ৰত খুব উৎসাহজনক দেখা নাযায় । নিজে আগতে সকলো দিশেই দুৱাৰ খোলা নাপাব । শৰীৰ সম্পৰ্কেও সচেতন । ভ্ৰমণাদিত একেবাৰে অন্য মন্যৰ হ’ব ‌। চিন্তা নকৰিব । শুভ ৰং বগা । শুভ সংখ্যা ২ ।

Exit mobile version