COVID-19 : ক’ভিড আপডেট

delhi covid 19 testing 4ac6b9bc ed03 11ea 92df 080f51a06faf

দেশজুৰি কৰ’না আক্রান্তৰ সংখ্যাত হঠাৎ বৃদ্ধি দেখা দিয়াত পুনৰ জনসাধাৰণে মাস্ক পৰিধান কৰা বাধ্যতামূলক কৰিলে কর্নাটক আৰু ছত্তীশগড় চৰকাৰে । ইয়াৰ পূৰ্বে মাস্ক পৰিধান কৰাৰ নিয়ম বাতিল কৰাৰ তিনি সপ্তাহৰ ভিতৰত পুনৰ আৰম্ভ কৰা হয় দিল্লীত । নেপথ্যত দিল্লীত উল্লেখযোগ্য হাৰত কৰ’নাৰ দৈনিক সংক্রণৰ সংখ্যা বৃদ্ধি ।

কেন্দ্রীয় স্বাস্থ্য মন্ত্রণাল‌ৰ বুলেটিন অনুযায়ী বিগত ২৪ ঘণ্টাত ভাৰতত দুহেজাৰ ৪৮৩ জন কৰ’নাত আক্রান্ত হৈছে । ইয়াৰ ফলত দেশত মুঠ কৰ’না আক্রান্তৰ সংখ্যা বাঢ়ি চাৰি কোটি ৩০ লাখ ৬২ হেজাৰ ৫৬৯ হৈছে । উদ্বেগ বঢ়াই‌ এতিয়াও ৰাজধানীত এদিনত আক্রান্তৰ সংখ্যা হেজাৰৰ উপৰতেই । দিল্লীত ২৪ ঘণ্টাত এহেজাৰ ১১ জন নতুনকৈ সংক্রমিত হৈছে ।

দেশত সক্রিয় ৰোগীৰ সংখ্যা ১৫ হেজাৰ ৬৩৬ জন । যি মুঠ সংক্রমণৰ ০.০৪ শতাংশ ।

স্বাস্থ্য মন্ত্রণালয়ৰ তথ্য অনুযায়ী ২৪ ঘণ্টাত ১,৩৯৯ জন আক্রান্ত হৈ মৃত্যু হৈছে । ইয়াৰ ভিতৰত অসমে আগতে মৃত ১,৩৪৭ জনৰ ৰিপ’র্ট জমা দিছে । ফলত এই পর্যন্ত মুঠ মৃত্যুৰ সংখ্যা পাঁচ লাখ ২৩ হেজাৰ ৬২২ জন । সুস্থতাৰ হাৰ ৯৮.৭৫ শতাংশ ।

Exit mobile version