Ukraine Russia Conflict: ইউক্ৰেইনৰ যুদ্ধত নিহত কমেও ১৫ হেজাৰ ৰুচ সেনা ,দাবী ব্ৰিটেইনৰ

1650965367 ukrainian army

ইউক্ৰেইনৰ বিৰুদ্ধে হোৱা যুদ্ধত কমেও ১৫,০০০ ৰাছিয়ান সৈন্য নিহত হৈছে। সোমবাৰে এই দাবী কৰিলে ব্ৰিটেইনে। দেশখনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সচিব বেন ৱালেছে জনাইছে যে ২৪ ফেব্ৰুৱাৰীত ইউক্ৰেইন আক্ৰমণৰ পাছত ৭,০০০-১৫,০০০ ৰাছিয়াৰ সৈন্যই প্ৰাণ হেৰুৱাইছে । ইয়াৰ পূৰ্বেও এই মন্তব্য দিছিল , নাটোৱে । কিন্তু নাটো আৰু ব্ৰিটেইনৰ এই দাবীক লৈ কোনো প্ৰতিক্ৰিয়া দিয়া নাছিল ৰাছিয়াই ।

সোমবাৰে ব্ৰিটেইনৰ সংসদৰ নিম্ন সদন হাউচ অৱ কমন্সত ইউক্ৰেইনৰ যুদ্ধত ৰাছিয়াৰ ক্ষয়ক্ষতিৰ বিষয়ে এই পৰিসংখ্যা উপস্থাপন কৰে বেনে। ব্ৰিটেইনৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক মূল্যায়ন অনুসৰি, এতিয়ালৈকে ইউক্ৰেইনত দুহেজাৰ ৰাছিয়াৰ সামৰিক বাহন ধ্বংস হৈছে। তাৰ ভিতৰত ৫৩০ টা টেংক আৰু ৬০ খনতকৈও অধিক হেলিকপ্টাৰ আৰু যুঁজাৰু বিমান অন্তৰ্ভুক্ত আছে।

যদিও ইউক্ৰেইনৰ সেনাই দাবী কৰিছে ১৫,০০০ নহয় , তেওঁলোকৰ দেশৰ মাটিত ২১,৯০০ ৰাছিয়াৰ সৈন্য নিহত হৈছে ।যদিও এমাহ আগতে ইউক্ৰেইনকে ধৰি পশ্চিমীয়া দেশসমূহে এই যুদ্ধত অধিক ৰাছিয়াৰ সৈন্য নিহত হোৱা বুলি ওলোটাই দাবী কৰিছিল। এই বিষয়ে কোনো স্পষ্ট পৰিসংখ্যা প্ৰকাশ কৰা নাই ক্ৰেমলিনে। যদিও পুটিনৰ চৰকাৰে এই মাহতে স্বীকাৰ কৰি লয় যে ইউক্ৰেইনৰ যুদ্ধত “উল্লেখযোগ্য ক্ষতি” হৈছে।

কিন্তু সেই ক্ষতি পৰিমাণ প্ৰকাশ কৰা নাই ক্ৰেমলিনে । ২০১৫ চনত পুটিনে জাৰি কৰা এক নিৰ্দেশ অনুসৰি, যুদ্ধত হোৱা ক্ষয়ক্ষতিৰ হিচাব সামৰিক বিভাগৰ গোপন নথি হিচাপে গণ্য কৰা হ’ব। আনকি শান্তিৰ পৰিৱেশতো ইয়াক সন্মুখলৈ আনিব নোৱাৰি।

Exit mobile version