কঁঠালৰ মুচি খালে দূৰত থাকিব এইসমূহ ৰোগ

jackfruit 23062016 01

★ কঁঠালৰ মুচি খালে মেদবহুলতা সমস্যা নিৰাময় হয় । ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে লগতে ইয়াত থকা কেলৰিৰ পৰিমাণ ভাত বা ৰুটিতকৈ যথেষ্ট কম। কঁঠালৰ মুচিৰ ব্যঞ্জন খালে সেয়েহে সোনকালে পেট ভৰি যায়। ওজন কম কৰিব বিচৰাসকলে মাজে সময়ে কঁঠালৰ মুচি সেৱন কৰিলে সুফল পাব।

★ কঁঠালৰ মুচি ডায়েবেটিচ ৰোগৰ বাবে অতি উত্তম মহৌষধ। ইয়াৰ গ্লাইছেমিক ইণ্ডেক্স কম হোৱাৰ বাবে ই শৰীৰত শৰ্কৰাৰ অতিৰিক্ত বোজা সৃষ্টি নকৰে যাৰ বাবে ডায়েবেটিচ ৰোগ নিয়ন্ত্ৰণত থাকে। লগতে আঁহ থকাৰ বাবে আন বহুতো সমস্যা নিৰ্মূল কৰে। কঁঠালৰ মুচিয়ে ডায়েবেটিচ ৰোগ প্ৰতিৰোধও কৰে। সেয়েহে নিৰোগী লোকেও মাজে সময়ে কেঁচা কঁঠাল সেৱন কৰা উচিত।

★কলেষ্টৰল সমস্যাতো কেঁচা কঁঠাল বৰ উপকাৰী। ইয়াত থকা দ্ৰবিত আঁহে( soluble fiber) শৰীৰৰ বাবে অপকাৰী LDL কলেষ্টৰল কম কৰাত সহায় কৰে।

★ প্ৰচুৰ পৰিমাণে আঁহ থকা বাবে পাচনকাৰ্যত সহায় কৰে, পেট খোলোচা কৰে। গৱেষণামূলক অধ্যয়নৰ পৰা দেখা গৈছে যে কেঁচা কঁঠালৰ সেৱনে ক’ল’ন কেঞ্চাৰ প্ৰতিৰোধ কৰে।

★ ভিটামিন, এন্টিঅক্সিডেন্ট যুক্ত হোৱাৰ বাবে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। আইৰণ থকা বাবে ৰক্তহীনতা দূৰ কৰে।

★ এন্টিঅক্সিডেন্ট, আঁহ, পতাচিয়াম আদি খনিজ থকাৰ বাবে হাৰ্টৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে।

Exit mobile version