অবৈধভাৱে ইউৰোপত প্ৰৱেশ কৰাৰ অপচেষ্টা চলাই লিবিয়াত আৰক্ষীৰ হাতত ধৰা পৰিল বাংলাদেশৰ কমেও ২০০ জন নাগৰিক ।
ADVERTISEMENT
যোৱা শনিবাৰে দেশখনৰ পূৱ উপকূলৰ জিলাৰ মিছৰাতাত এইসকল অবৈধ বাংলাদেশী নাগৰিকক লিবিয়াৰ আৰক্ষীয়ে আটক কৰে । পাছত ধৃতসকলক লিবিয়াৰ ৰাজধানী ত্ৰিপলিত থকা এটা বন্দী শিবিৰলৈ প্ৰেৰণ কৰা হয় ।
লিবিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আটক কৰা অবৈধ বাংলাদেশীক সম্প্ৰতি আৰক্ষীৰ জিম্মাত ৰখা হৈছে ।