পদ্মশ্ৰী বঁটা জয়ী শিল্পীসকলৰ ঘৰ খালি কৰোৱাইছে কেন্দ্ৰ‌ই

Odissi dance exponent Guru Mayadhar Raut

কেন্দ্ৰীয় চৰকাৰে ১৯৭০ত এছিয়াড গাঁওবোৰত শিল্পীসকলক ভাৰাত আৱন্তিত কৰা চৰকাৰী গৃহ খালি কৰা কাৰ্য আৰম্ভ কৰিছে । ইয়াত বহু পদ্ম আৰু সংগীত-নাটক একাডমি পুৰষ্কাৰপ্ৰাপ্ত নাম অন্তৰ্ভুক্ত হৈ আছে ।

ইয়াতেই ৯১ বছৰীয়া অ’ডিচি নৃত্য শিল্পী গুৰু মায়াধাৰ ৰাৱতৰ নামো আছে, অ’ডিচি নৃত্যক শাস্ত্ৰীয় সংগীতৰ স্থান পোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ বাবে যাক ২০১০ত ৰাষ্ট্ৰপতিৰ তৰফৰ পৰা পদ্মশ্ৰীৰে সন্মানিত কৰা হৈছিল । পদ্মশ্ৰী দেশৰ চতুৰ্থ সৰ্বোচ্চ নাগৰিক সন্মান । মঙলবাৰে ঘৰ খালি কৰোৱাৰ সময়ত তেওঁৰ সামগ্ৰীৰ লগতে ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত প্ৰমাণপত্ৰ‌ও ঘৰৰ বাহিৰত ৰখা হৈছিল ।

গুৰু মায়াধাৰ ৰাৱতৰ কন্যা তথা অ’ডিচি নৃত্যশিল্পী মধুমিতা ৰাৱতে কয়, ‘আমি দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি আছিলো, সেই সময়তেই সকলো বিষয়া ঘৰলৈ আহি গ’ল । আজি ম‌ই বহুত দুখ পাইছো । তেওঁ এনে এজন নৃত্যশিল্পী যিয়ে দেশৰ কে’বাটাও প্ৰসিদ্ধ নৃত্যক যেনে সোনল মানসিং আৰু ৰাধা ৰেড্ডিক প্ৰশিক্ষিত কৰিছে আৰু আপুনি তেওঁৰ লগত এনে নিৰ্মম ব্যৱহাৰ কৰে । তেওঁ প্ৰায় ৫০ বছৰ ধৰি দিল্লীত বাস কৰি আছে আৰু দেশৰ কোনো ঠাইতে তেওঁৰ এটুকুৰাও ভূমি নাই । তেওঁক এনেদৰে অপমানিত কৰি ওলিয়াই দিব নালাগিছিল ।’

উল্লেখ্য যে ১৯৭০ত ৪০ৰ পৰা ৭০ বছৰৰ শিল্পীসকলক অতি কম মূল্যত চৰকাৰৰ তৰফৰ পৰা তিনি বছৰৰ ঠিকাৰ ভিত্তিত ভাৰা ঘৰ আবণ্টণ কৰা হৈছিল । প্ৰত্যেক তিনি বছৰৰ মূৰত এই ঠিকাৰ ম্যাদ বৃদ্ধি কৰি থকা হৈছিল । ২০১৪ৰ পাছত শিল্পীসকলৰ ঠিকাৰ ম্যাদ বৃদ্ধি কৰা হোৱা নাই ঘৰ খালি কৰিবলৈ জোৰ দিয়া হৈছিল । ২০২০ত গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ তৰফৰ পৰা ঘৰ খালি কৰোৱাৰ জাননী জাৰি কৰা হৈছিল ।

এই শিল্পীসকলৰ ভিতৰত কঠক শিল্পী বিৰজু মহাৰাজ, ধ্ৰুপদ শিল্পী ৱছিফুড্ডিন দাগৰ, কুচিপুড়ি শিল্পী গুৰু জায়ৰমা ৰাৱ আৰু মোহিনীঅট্টম শিল্পী ভাৰতী শিৱাজীয়ো আছিল, যিয়ে ৰায়ৰ পাছত ন্যায়ালয়ৰ কাষ চপাৰ সিদ্ধান্ত লয় । ইপিনে, কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আঠগৰাকী শিল্পীক দুই মে’ৰ ভিতৰত ঘৰ খালি কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰণালয়ৰ ৰাজ্যিক সঞ্চালক আৰু উচ্চ পদস্থ বিষয়াসকলে জনাইছে যে ঘৰ খালি কৰাৰ প্ৰক্ৰিয়া অব্যাহত আছে । ‘কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা লোৱা সিদ্ধান্ত অনুসৰি ইয়াত বাস কৰা শিল্পীসকল চৰকাৰী আবাসগৃহৰ বাবে উপযুক্ত নহয় । দিল্লী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুযায়ী মানৱিয়তাৰ খাতিৰত সকলোকে ঘৰ খালি কৰিবলৈ ২৫ এপ্ৰিল, ২০২২ লৈকে দিয়া সময় উকলি গৈছে । সেয়ে আমি সকলোকে ঘৰ খালি কৰিবলৈ কৈছো । ২৮ মে’ৰ পৰা ১৭ গৰাকী শিল্পীয়ে ঘৰ খালি কৰিছে, বাকীসকলে আগন্তুক দিনত খালি কৰিব ।’

Exit mobile version